নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইণ্ডো–বাংলাদেশ প্রটোকল পথেৰে গুৱাহাটীত উপস্থিত হোৱা মালবাহী জাহাজক পাণ্ডু বন্দৰত আদৰণি মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ৬ মার্চঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ দপ্তৰৰ মন্ত্রী সর্বানন্দ সোণোৱালৰ উপস্থিতিত ইণ্ডো–বাংলাদেশ প্রটকল পথেৰে পাটনাৰ পৰা আহি গুৱাহাটীত উপস্থিত হোৱা প্রথমখন মালবাহী জাহাজ এম ভি লালবাহাদুৰ শাস্ত্রীক পাণ্ডু বন্দৰত আনুষ্ঠানিকভাৱে আদৰণি জনায়৷ উল্লেখযোগ্য যে বিহাৰৰ পাটনাৰ পৰা ভাৰতীয় খাদ্য নিগমৰ ২০০ মেট্ৰিকটন খাদ্যশস্য কঢ়িয়াই অনা প্রথমখন মালবাহী জাহাজ এম ভি লালবাহাদুৰ শাস্ত্রীয়ে ৰাষ্ট্রীয় জলপথ–১ আৰু ৰাষ্ট্রীয় জলপথ–২ গংগা আৰু ব্রহ্মপুত্র নদীৰ বুকুৱেদি ২৩৫০ কিলোমিটাৰ দূৰত্ব অতিক্রম কৰি ইণ্ডো–বাংলাদেশ প্রটোকল পথৰ মাজেৰে আহি আজি পাণ্ডু বন্দৰত উপস্থিত হৈছেহি৷ আনহাতে হালদিয়াৰ পৰা ১৮০০ মেট্ৰিকটন ষ্টীলৰ সামগ্রী কঢ়িয়াই অনা এখন জাহাজো কেইদিনমানৰ ভিতৰতে পাণ্ডু পাবহি৷ সেইদৰে নুমলীগড় শোধনাগাৰৰ উচ্চ ক্ষমতাযুক্ত সামগ্রী কঢ়িয়াই অনা অন্য এখন জাহাজেও গংগা–ব্রহ্মপুত্র হৈ ধনশিৰি অভিমুখে যাত্রা আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে৷ এম ভি লালবাহাদুৰ শাস্ত্রীক আদৰণি জনোৱাৰ বাবে পাণ্ডু বন্দৰ প্রাংগণত আয়োজিত এক অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে আজিৰ দিনটোক সমগ্র অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ যাতায়াত–যোগাযোগ তথা অর্থনৈতিক ক্ষেত্রৰ বাবে এক যুগান্তকাৰী দিন বুলি অভিহিত কৰে৷ তেওঁ কয় যে স্বাধীনতাৰ ৭৫ বছৰৰ পাছত বহিঃৰাষ্ট্রৰ মাজেৰে জলপথেৰে ৰাজ্যলৈ সামগ্রী পৰিবহণৰ সূচনা অঞ্চলটোৰ ইতিহাসত এক মাইলৰ খুটিৰূপে চিহ্ণিত হৈ ৰব৷ পৰিবহণৰ জৰিয়তে পৰিৱর্তন সাধনৰ বাবে থকা প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সপোনৰ চতুর্থটো স্তম্ভ জলমার্গৰ বিকাশেৰে অঞ্চলটোৰ অর্থনৈতিক ক্ষেত্রলৈ এক নতুন সম্ভাৱনাৰ দ্বাৰ মুকলি কৰাৰ বাবে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ দপ্তৰৰ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্রীয়ে কয় যে জলপথৰ জৰিয়তে মালবাহী জাহাজ চলাচলৰ শুভাৰম্ভ এতিয়া স্থলপথৰ ওপৰত থকা বাধ্যতামূলক নির্ভৰশীলতা বহুলাংশে নোহোৱা কৰিব৷ এহ পথত মালবাহী জাহাজৰ নিয়মীয়া চলাচলে নিযুক্তিৰ সম্ভাৱনাও সৃষ্টি কৰাৰ লগতে স্থানীয় সামগ্রীৰ বাবে এক বিশ্বব্যাপ্ত বজাৰৰ দুৱাৰ মুকলি কৰিব৷ তুলনামূলকভাৱে কম ব্যয়যুক্ত জলপথৰ জৰিয়তে উন্নত সংযোগ ব্যৱস্থাই অঞ্চলবাসীৰ জীৱনলৈ আমূল পৰিৱর্তন আনিব বুলি মন্তব্য কৰি তেওঁ কয় যে ইয়াৰ ফলত অঞ্চলটোৰ যুৱক–যুৱতী আৰু ব্যৱসায়ীসকলে ঘৰুৱা তথা আন্তঃৰাষ্ট্রীয় বজাৰৰ সহজেই কাষ চাপিব পাৰিব৷ ড০ শর্মাই কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাছিনাৰ প্রচেষ্টাত তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ তৎপৰতাত আজি উত্তৰ–পূবৰ বাবে বাংলাদেশৰ জলপথ, স্থলপথ আৰু ৰেলপথ ব্যৱহাৰৰ অনুমতি লাভ কৰা গৈছে৷ এই পদক্ষেপৰ ফলত কলকাতাকে ধৰি দেশৰ মূল অংশৰ সৈতে অঞ্চলটোৰ দূৰত্ব বহুখিনি হ্রাস পাব বুলি তেওঁ কয়৷ কেন্দ্রীয় চৰকাৰৰ এক্ট ইষ্ট নীতি অনুসৰি জলপথৰ জৰিয়তে উত্তৰ–পূর্বাঞ্চলৰ সৈতে যোগাযোগ উন্নত কৰাৰ বাবে ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়ে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্রাধিকৰণৰ জৰিয়তে ৰাষ্ট্রীয় জলপথ–১, ভাৰত–বাংলাদেশ প্রটোকল পথ আৰু ৰাষ্ট্রীয় জলপথ–২ ওপৰত কেহবাটাও আন্তঃগাঁথনি প্রকল্প হাতত লৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রী গতি–শক্তি শীর্ষক ৰাষ্ট্রীয় মাষ্টাৰ প্লেনৰ অধীনত ব্রহ্মপুত্র নদীত কার্গো চলাচল ত্বৰান্বিত কৰাৰ বাবেও এক একত্রিত পৰিকল্পনা হাতত লোৱা হৈছে৷ ৰাজ্যখনৰ আভ্যন্তৰীণ জল পৰিবহণ খণ্ডৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে হাতত লোৱা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে গুৱাহাটীৰ শুক্লেশ্বৰ ঘাটৰ সমীপত এক বৃহৎ টার্মিনেল নির্মাণৰ লগতে ১৩টা সৰু টার্মিনেল নির্মাণৰ পদক্ষেপ গ্রহণ কৰা হৈছে৷ যাত্রীবাহী ফেৰীসমূহৰ ই–টিকেটিং ব্যৱস্থা প্রৱর্তনৰ লগতে আই আই টি, মাদ্রাজৰ সহযোগত নাইট নেভিগেচন ব্যৱস্থা প্রৱর্তনৰ প্রচেষ্টা চলাই থকা হৈছে৷ অধিক মাত্রাত নদী এম্বুলেঞ্চ সেৱাৰ ব্যৱস্থা কৰাৰ লগতে নদী পর্যটনৰ প্রসাৰৰ দিশতো বহুতো পদক্ষেপ গ্রহণ কৰা হৈছে বুলি মুখ্যমন্ত্রীয়ে কয়৷ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয় আৰু বিশেষকৈ দপ্তৰটোৰ মুৰববী সর্বানন্দ সোণোৱালৰ সহযোগিতাত সকলোধৰণৰ ভৌগোলিক প্রত্যাহবান নেওচি অঞ্চলটোৰ জল পৰিবহণ খণ্ড এক নতুন দিগন্তত উপনীত হবলৈ সক্ষম হব বুলি মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে৷ ভাৰতীয় আভ্যন্তৰীণ জলপথ প্রাধিকৰণৰ অধ্যক্ষ সঞ্জয় বন্দোপাধ্যায়ে আদৰণী ভাষণ প্রদান কৰা আজিৰ এই অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, শ্যামাপ্রসাদ মুখার্জী বন্দৰৰ অধ্যক্ষ বিনীত কুমাৰ, ভাৰতীয় আভ্যন্তৰীণ জলপথ প্রাধিকৰণৰ সঞ্চালক এ চেলভাকুমাৰৰ লগতে জলপথ মন্ত্রালয় আৰু প্রাধিকৰণৰ অন্যান্য শীর্ষ বিষয়াসকল উপস্থিত থাকে৷

You might also like