নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰসংগ মাজুলীৰ উপ-নিৰ্বাচনঃ চিত্তৰঞ্জন-ভাইটিলৈ কাৰণ দৰ্শোৱাৰ জাননী মাজুলীৰ জিলা ৰিটাৰ্নিং বিষয়াৰ

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চ: মাজুলী উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযান কালি সন্ধিয়া ৫ বজাতে অন্ত পৰে। নিৰ্বাচন আয়োগৰ কঠোৰ বিধি অনুসৰি প্ৰচাৰ অভিযান অন্ত পৰাৰ পিছত কোনো ৰাজনৈতিক দলে নিজ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব নোৱাৰে। কিন্তু অসম জাতীয় পৰিষদৰ মাজুলী সমষ্টিৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীয়ে আৰু এছ ইউ চি আইৰ (কমিউনিষ্ট) প্ৰাৰ্থী ভাইটি ৰিছঙে প্ৰচাৰ কাৰ্য চলোৱাৰ সময় সীমা পাৰ হৈ যোৱাৰ পাছতো মডেল কড অৱ কণ্ডাক্ট (Model Code of Conduct) ৰ নিয়ম ভংগ কৰি ছচিয়েল মিডিয়াযোগে নিৰ্বাচনী প্ৰচাৰ কৰি নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগ উঠিছে। এই সন্দৰ্ভত মাজুলী জিলাৰ জিলা ৰিৰ্টানিং বিষয়া তথা উপায়ুক্তই আজি কাৰণ দৰ্শোৱাৰ জাননী জাৰী কৰিছে মাজুলীৰ উপ নিৰ্বাচনৰ দুই প্ৰাৰ্থীলৈ। মাজুলী জিলাৰ জিলা ৰিৰ্টানিং বিষয়া তথা উপায়ুক্তই দুয়োজনকে আজি নিশা ৯ বজাৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী জাৰী কৰিছে। ইফালে এই সন্দৰ্ভত অজাপৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীৰ পৰা জানিবলৈ বিচৰাত বসুমতাৰীয়ে কয় যে কালিয়েই দক্ষিণ আঁহতগুৰিৰ দুৰ্গম এলেকাত প্ৰচাৰ চলাবলৈ যাওঁতে সামাজিক মাধ্যমত এটা প্ৰচাৰৰ ভিডিঅ এটা আপলোড দিয়া হৈছিল যদিও উক্ত অঞ্চলত মোবাইলৰ নেটৱৰ্ক নোপোৱাৰ পৰিপ্ৰেক্ষিতত ভিডিঅটো কিছু পলমকৈ ফেচবুকত আপলোড হৈছিল। এয়া ইচ্ছাকৃত নাছিল আৰু নিৰ্বাচন আয়োগৰ সকলো নীতি নিয়মলৈ সন্মান জনাই এতিয়ালৈকে সকলো নীতি-নিয়ম মানি চলি আহিছোঁ বুলি তেওঁ উল্লেখ কৰে। ইতিমধ্যে এই সন্দৰ্ভত বসুমতাৰীয়ে ৰিৰ্টানিং বিষয়াক কাৰণ দৰ্শাইছে বুলি জানিব পৰা গৈছে।

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like