নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাওখোৱা চাপৰি আৰক্ষীৰ জালত ভূ-মাফিয়া গিয়াছ উদ্দিন 

নিয়মীয়া বাৰ্তা, ৭ মাৰ্চঃ লাওখোৱা চাপৰি থানাৰ আৰক্ষীৰ জালত পৰিছে এগৰাকী ভূ-মাফিয়া ৷ ধৃত ভূ-মাফিয়াটো হল গিয়াছ উদ্দিন ৷ ধৃত গিয়াছ উদ্দিনে লগত আৰু ভূমাফিয়াক লৈ লাওখোৱাৰ চৰাঞ্চলত চলাই গৈছিল মাতাব্বৰী ৰাজ ৷

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভূ-মাফিয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱাৰ কথা ঘোষণা কৰাৰ পিছত লাওখোৱা চাপৰি থানাৰ আৰক্ষীৰ জালত পৰে ভূমাফিয়াজন ৷ লাওখোৱা আৰক্ষীয়ে বহুকেইটা অভিযোগৰ ভিত্তিত গিয়াছ উদ্দিনক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

You might also like