“নাৰীক নাৰী হিচাপে জ্ঞান নকৰি ব্যক্তি হিচাপে বিবেচনা কৰাটোৱেই নাৰীৰ প্ৰকৃত মৰ্যাদা”
নিয়মীয়া বাৰ্তা, ৮ মাৰ্চঃ ‘আমাৰ সমাজত একোগৰাকী নাৰীক কেৱল নাৰী হিচাপে জ্ঞান নকৰি ব্যক্তি হিচাপে বিবেচনা কৰাটোৱেই হব নাৰীৰ প্ৰকৃত মৰ্যাদা৷’ এই মন্তব্য বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা গীতিকা কলিতাৰ৷ উল্লেখ্য যে সামাজিক, অর্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্রত মহিলাসকলৰ কৃতিত্বক চিহ্নিত কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে পাঠশালাতো আজি আন্তর্জাতিক নাৰী দিৱস পালন কৰা হয়৷ পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমি ডিগ্ৰী কলেজৰ নাৰী সবলীকৰণ কোষৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি অধ্যাপিকা কলিতাই সমাজৰ পৰা লিঙ্গ বৈষম্যতা দূৰ কৰি এখন সুস্থ সমাজ গঢ়াৰ সংকল্পৰে “এক সুস্থিৰ ভৱিষ্যতৰ বাবে আজিয়েই লিঙ্গ সমানতা আনো” বিষয়ত ভাষণ ৰাখি কয় যে নাৰীৰ বাবে কোনো বিশেষ অধিকাৰ বা দাবী নালাগে৷ নাৰীক মানুহ হিচাপে সমাজে আকোৱালি লওক, সেয়াই হব নাৰীৰ সমতা৷ তেওঁ কয় যে এসময়ত ৰাজপথত আন্দোলন কৰা মহিলাসকলৰ প্ৰপ্যসমূহ আজিৰ মহিলাই লাভ কৰিছে যদিও বহু ক্ষেত্ৰত সন্মানৰ পৰা আজিও বঞ্চিত হৈ আহিছে৷ যৌতুকৰ পৰা আৰম্ভ কৰি কন্যা সন্তান জন্ম দিয়ালৈকে বহুক্ষেত্ৰত আজিৰ বিভিন্ন প্ৰতিবন্ধকতাৰ সন্মুখীন হৈ আহিছে৷ এনে এক প্ৰেক্ষাপটতে কব পাৰি যে কোনো এগৰাকী মহিলাক আদৰ, সন্মান কৰা মানেই তেওঁক মৰ্যাদা দিয়া নহয়৷ এগৰাকী নাৰীক নাৰী হিচাপে জ্ঞান নকৰি ব্যক্তি হিচাপে বিবেচনা কৰাটোৱেই হব নাৰীৰ প্ৰকৃত মৰ্যাদা৷ আৰু ইয়াৰ বাবে পুৰুষতকৈ অধিক কৰিবলগীয়া আছে মহিলাসকলৰ৷ সমাজত পুৰুষতকৈ নাৰীৰ মানসিকতা পৰিবৰ্তন কৰাটো বেছি জৰুৰী৷ আৰু এয়া কৰিব লাগিব সমাজত আদৰ্শ হিচাপে উদাহৰণ দি থকা উচ্চ শিক্ষিতা নাৰীসকলে৷ লৰাই হওক বা ছোৱালীয়েই হওক সন্তানক প্ৰতিগৰাকী মাতৃয়ে সন্তান হিচাপে গ্ৰহণ কৰিব লাগিব৷ শিশুটোক ‘তেওঁ লৰা, তুমি ছোৱালী’ বুলি মাতৃসকলে বৈষম্য কৰা পৰিত্যাগ কৰিব নোৱাৰিলে নাৰী দিৱস পালন অৰ্থহীন বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই তেওঁ মাতৃসকলক কন্যা সন্তানৰ সাহস হোৱাৰ বাবে আহ্বান জনায়৷ আনন্দৰাম বৰুৱা একাডেমি ডিগ্ৰী কলেজ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাৰ আৰম্ভনিতে বন্তি প্ৰজ্বলন কৰে অধ্যাপিকা কবিতা দেৱীয়৷ অধ্যাপিকা ড৹ ৰুণুমা শইকীয়া কলিতাৰ সভাপতিত্বত অনুষ্ঠিত তথা অধ্যাপিকা ড৹ ডিম্পী দাসে আঁত ধৰা আৰু শিক্ষয়িত্ৰী কল্যাণী চৌধুৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখন উদ্বোধন কৰি আনন্দৰাম বৰুৱা একাডেমি ছিনিয়’ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ নন্দিতা বৰ্মন ডেকাই পূৰুষ আৰু নাৰী এটা মুদ্ৰাৰ ইপিঠি সিপিঠি হোৱা স্বত্তেও নাৰী দিৱসৰ উৎপত্তি কিয় হবলগীয়া হ’ল সেই সন্দৰ্ভত ইয়াৰ ইতিহাস বিস্তৃতভাৱে ব্যাখ্যা কৰি সামগ্ৰীকভাৱে অৱলোকন কৰে৷ অধ্যাপক ড৹ পৰী কাকতিয়ে নাৰী সবলীকৰণৰ ওপৰত কবিতা পাঠ কৰা সভাখনত আনন্দৰাম বৰুৱা একাডেমি ডিগ্ৰী কলেজৰ সঞ্চালক অমূল্য কলিতাকে আদি কৰি কেবাগৰাকীও ব্যক্তিয়ে লিংগ সমতা সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে৷
প্ৰেৰক কল্যাণ কলিতা