বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ সমুখতে ছাত্ৰীক কাণত ধৰি উঠা-বহাৰ নিৰ্দেশ শিক্ষয়িত্ৰীৰ
নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চঃ অসমৰ শিক্ষাৰ ক্ষেত্ৰত এক অন্যতম স্থান দখল কৰা বজালী জিলা সদৰ পাঠশালাস্থিত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ভট্টদেৱ বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীক শিক্ষয়িত্ৰীয়ে প্ৰদান কৰা শাস্তিৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে বিষয়টোক কেন্দ্ৰ কৰি সম্প্ৰতি সমগ্ৰ বজালীতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বিশ্ববিদ্যালয়খনত অধ্যয়নৰত স্নাতক ষষ্ঠ ষান্মাসিকৰ এগৰাকী ছাত্ৰীক বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ অংশকালীন প্ৰবক্তা এগৰাকীয়ে বিহে কঠোৰ শাস্তি৷ এটি ঘটনাক কেন্দ্ৰ কৰি কালি ছাত্ৰীগৰাকীক অন্যান্য ছাত্ৰ-ছাত্ৰীৰ সন্মুখতে শিক্ষানুষ্ঠানখনৰ শ্ৰেণীকোঠাৰ বাৰাণ্ডাত কাণত ধৰি উঠা বহা কৰিবলৈ বাধ্য কৰোৱাৰ লগতে প্ৰবক্তাগৰাকীয়ে এই দৃশ্য মবাইলত বন্দী কৰিবলৈ আন কোনোবা শিক্ষাৰ্থীক নিৰ্দেশনা দিয়ে৷ এই ঘটনাৰ পিছতে ছাত্ৰীগৰাকীক দিয়া শাস্তিৰ দৃশ্য এতিয়া মোবাইলে মোবাইলে ভাইৰেল হোৱাত স্বাভাৱিকতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ৷ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে ছাত্ৰীগৰাকীক ঘটনাৰ বিষয়ে সোধাত ছাত্ৰীগৰাকীয়ে জনায় যে তেওঁলোকৰ হোৱাটছএপ গ্রুপৰ মেছেজত আন শিক্ষাৰ্থীৰ সৈতে অংশকালীন শিক্ষয়িত্ৰীগৰাকীক প্ৰসংগ ওলাইছিল আৰু সেই মেছেজৰ স্ক্ৰীনশ্বট প্ৰবক্তাগৰাকীয়ে লাভ কৰাৰ পিছতে ক্ৰোধান্বিত হৈ ছাত্ৰীগৰাকীক শিক্ষয়িত্ৰীগৰাকীয়ে এনেকুৱা শাস্তি প্ৰদান কৰে৷ যাৰ পৰিপ্ৰেক্ষিতত এই ঘটনাৰ পিছতে ছাত্ৰীগৰাকীৰ লগতে পৰিয়ালৰ লোকসকল এতিয়া মানসিকভাৱে ভাগি পৰিছে৷ এই সমগ্ৰ ঘটনা বিভিন্ন মাধ্যমযোগে প্ৰচাৰ হোৱাৰ পিছতে বজালীৰ শৈক্ষিক মহলত বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ বজালীৰ ঐতিহ্য কঢ়িয়াই ফুৰা শিক্ষানুষ্ঠানখনৰ নাম এনেদৰে সমালোচিত হবলগা ঘটনাত বিভিন্ন মহলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষক তৎকালে পদক্ষেপ গ্ৰহণ কৰি দোষীক শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে৷ ইপিনে ঘটনা সন্দৰ্ভত প্ৰবক্তাগৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ প্ৰায় ২৭৫গৰাকী ছাত্ৰ ছাত্ৰীৰ এটি হোৱাটচএপ গ্ৰূপত প্ৰবক্তাগৰাকীৰ ব্যক্তিগত চৰিত্ৰ বিশ্লেষণ কৰি আলোচনা কৰাৰ লগতে উক্ত ছাত্ৰীগৰাকীয়ে তেওঁৰ চৰিত্ৰৰ ওপৰত সমালোচনা কৰিছিল৷ ইয়াৰ উপৰি আঠ মাহ পূৰ্বে বিয়োগ ঘটা তেওঁ পিতৃ সন্দৰ্ভতো ছাত্ৰীগৰাকীয়ে তিৰ্যকভাৱে সমালোচনা কৰা বুলি প্ৰবক্তাগৰাকীয়ে উল্লেখ কৰি এই কথা গম পোৱাৰ পিছতে আৱেগিক হৈ ছাত্ৰীগৰাকীক এনেদৰে শাস্তি প্ৰদান কৰা বুলি ব্যক্ত কৰে৷ সমগ্ৰ ঘটনা সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মৃদুল তালুকদাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ভট্টদেৱ বিশ্ববিদ্যালয়ত যিটো ঘটনা সংঘটিত হ’ল এয়া অত্যন্ত দুৰ্ভাগ্যজনক আৰু লজ্জাজনক৷ যদিহে ছাত্ৰীগৰাকীয়ে কিবা দোষ কৰিছে তেন্তে প্ৰবক্তাগৰাকীয়ে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সমন্বিতে কৰ্তৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অভিযোগ দিব লাগিছিল৷ কিন্তু তাক নকৰি প্ৰবক্তাগৰাকীয়ে নিজে শাস্তি বিহাৰ লগতে তাক ৰেকৰ্ডিং কৰাৰ ব্যৱস্থা কৰাটো সঁচাকৈ দুৰ্ভাগ্যজনক৷ এইক্ষেত্ৰত প্ৰবক্তাগৰাকীক সংযত হবলৈ যুৱ ছাত্ৰ নেতাগৰাকীয়ে আহ্বান জনোৱাৰ লগতে ঘটনাৰ উচিত তদন্ত কৰি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নাম বদনাম কৰা প্ৰকৃত দোষীক যথোচিত শাস্তি প্ৰদান কৰিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক দাবী জনায়৷
প্ৰেৰক কল্যাণ কলিতা