দৈনিক একোটা কল খোৱাটো মোৰ বহুদিনীয়া অভ্যাস৷ দৈনন্দিন খোৱাৰ তালিকাত, বিশেষকৈ অফিচৰ টিফিনত একোটা ধুনীয়া পূৰঠ পকা কল নাখালে মোৰ বাকীবোৰ বস্তু খোৱা যেনেই নালাগে, লাগিলে সি যিমানেই সুখাদ্য নহওক কিয়৷ মোৰ দৰে বহুতেই অৱশ্যে কল খাই ভাল পায়৷ আমাৰ অসমীয়া মানুহৰ বেছিভাগেই প্রথমে মালভোগ কল, নহ’লে জাহাজী (বিশেষকৈ অমৃত সাগৰ জাতৰ) কল বজাৰত বিচাৰে আৰু সেইবোৰ একো নাপালে চেনিচম্পা, মনোহৰ, সোন্দাকল, আঠিয়া বা ভীমকল পৰশমণি আদি জাতৰ কল বিচাৰে বা খায়৷ বহুতে অৱশ্যে ভীমকলো বৰ তৃপ্তিৰে খায় বা বিচাৰি মেলি নিজৰ ল’ৰা–ছোৱালীকো খুৱায়৷ আমাৰ এই উত্তৰ–পূর্বাঞ্চলৰ কিছুমান ঠাইত যেনে– আইজল, চেৰাপুঞ্জী, উদয়পুৰ, নগাঁও আদিত ইমান সোৱাদ লগা কল আছে যে নিজে নাখালে ইয়াক বুজাই ক’ব নোৱাৰি৷ অৱশ্যে অন্ধ্র প্রদেশৰ জাহাজী কল, কেৰালাৰ ৰঙা নেনদ্রাম আৰু পশ্চিমবংগৰ চিংগাপুৰী কলো অতি সোৱাদভৰা৷ গোটেই পৃথিৱীৰ ভিতৰতে হেনো আটাইতকৈ উত্তম কলবিধৰ নাম হৈছে ষ্ট্রেলিজিয়া Strelitzia) যাক ইংৰাজীত Birds of Paradise) বুলিও কোৱা হয়৷ ইংলেণ্ডৰ এক ৰাণীৰ নামেৰে হেনো এই কলৰ নামকৰণ কৰা হৈছিল৷
যি কি নহওক, আজি কিছুদিনৰ আগতে জার্মানীত কৰা এক সমীক্ষাত এই কথা গম পোৱা গৈছে যে গোটেই পৃথিৱীত প্রায় প্রত্যেকখন দেশৰে সর্বাধিক ব্যক্তিৰ সকলোতকৈ প্রিয় ফলাহাৰ হৈছে একোটা কল৷ তদুপৰি ১৯৯২ চনত পোনপ্রথমবাৰৰ বাবে কলে পৃথিৱীৰ বেছিভাগ ধনী, মধ্যবিত্ত শিক্ষিত মানুহৰ মন আকর্ষণ কৰিবলৈ সক্ষম হৈছিল, যেতিয়া উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ফাইনেল খেলত বিশ্ববিজয়ী টেনিছ তাৰকা বৰিছ বেকাৰে খেলৰ মাজতে একোটাকৈ কল খাইছিল আৰু ফাইনেলত জয়লাভ কৰিছিল৷ এই বাতৰিটোৱে পিছদিনা প্রত্যেকখন দেশৰে ডাঙৰ ডাঙৰ বাতৰিকাকতৰ শিৰোনামত স্থান দখল কৰিছিল৷
অৱশ্যে অতীজৰে পৰাই ভাৰতবর্ষ তথা পৃথিৱীৰ বিভিন্ন দেশতো কলক সদায় উচ্চস্থানেই দি অহা হৈছে৷ কিয়নো, হিন্দু ধর্মৰ দেৱ–দেৱীৰ পৰা আৰম্ভ কৰি বিভিন্ন নিজ নিজ ধর্মীয় পূজা–পার্বণত কলে সদায় আগশাৰীৰতে স্থান পাই আহিছে৷ আনহাতে, বুৰঞ্জীয়ে ঢুকি পোৱাৰ পৰাও কলৰ বিষয়ে বিভিন্ন তথ্য প্রকাশ পাই আহিছে৷ ইয়াৰ ভিতৰত কল হেনো পৃথিৱীৰ ভিতৰত প্রথম মালয়েছিয়া, ইষ্ট ইণ্ডিজ, ভাৰতবর্ষ আদি দেশত আৱিষৃকত হৈছিল৷ বিশ্ববিজয়ী আলেকজেণ্ডাৰে হেনো ভাৰতত প্রথম প্রৱেশ কৰোঁতে বিভিন্ন ঠাই কল গছেৰে ঠাহ খাই থকা দেখি বে’চ আচৰিত হৈছিল আৰু নিজেও এই ফল খাই বৰ তৃপ্তি পাইছিল৷ বর্তমান অৱশ্যে কংগো নামৰ দেশখনেহে সর্বাধিক কল উৎপাদন কৰে৷ আনহাতে, পৃথিৱীৰ বিভিন্ন দেশৰ পৰা আমেৰিকাই বছৰি আটাইতকৈ বেছি কল আমদানি কৰে৷ ইয়াৰ পিছতে ইংলেণ্ড আৰু পশ্চিম ইউৰোপৰ কেইখনমান দেশে যথেষ্টসংখ্যক কল আমদানি কৰে৷ আনহাতে, ইকুৱেডৰ নামৰ দেশখনেই সর্বাধিক কল পৃথিৱীৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰে৷ একোটা বছৰত সকলো দেশ মিলি প্রায় ৫,৫০০–৬০০০ লাখ টন কল আমদানি–ৰপ্তানি কৰা হয়৷ গোটেই পৃথিৱীত হেনো প্রায় ১৫০ প্রজাতিৰ বিভিন্ন ধৰণৰ কল পোৱা যায়৷
যি কি নহওক, একোটা কলত আৰু আনকি গোটেই কলগছজোপাত আমাৰ দেহৰ বাবে এনে কিছুমান প্রয়োজনীয় উপাদান আছে যে যাৰ বাবে ইয়াক আশ্চর্য টনিক গছ বুলিও কোৱা হয়৷ একোটা কলত প্রচুৰ পৰিমাণে খনিজ পদার্থ, প্র’টিন, ভিটামিন আদি থাকে– যাৰ বাবে কল খালে, ততোধিক শক্তি, স্বাস্থ্য অটুট ৰখাৰ লগতে বিভিন্ন বেমাৰ–আজাৰৰ পৰাও হাত সাৰি থাকিব পাৰে৷ উদাহৰণস্বৰূপে দৈনিক একোটাকৈ কল খালে আমাৰ শৰীৰ সবল হৈ থাকে আৰু শৰীৰৰ তেজ চলাচল বৃদ্ধি হয়৷ মণিপালৰ (কর্ণাটক) কস্তুৰবা মেডিকেল কলেজে কৰা এক বিস্তৃত গৱেষণাৰ পৰা এইটো গম পোৱা গৈছে যে দৈনিক এটা বা দুটা কল খাব পাৰিলে আমাৰ ব্লাডপ্রেছাৰ শতকৰা ১০ ভাগ পর্যন্ত কমাই ৰাখিব পাৰি৷ তদুপৰি কলত থকা মেগনেছিয়াম নামৰ পদার্থই একোজন ব্যক্তিৰ মনৰ উদ্বেগ কমোৱাত সহায় কৰে৷ আনকি নিয়মিত কল খালে মানুহৰ খিংখিঙীয়া স্বভাৱো বহুখিনি দূৰ হয় আৰু লগতে ধৈর্যশক্তিৰো লাহে লাহে বৃদ্ধি হয়৷ মুম্বাইত থকা ভাবা এটমিক ৰিছার্চ চেণ্টাৰে কৰা আন এক গৱেষণাৰ পৰা এইটো গম পোৱা গৈছে যে দৈনিক একোটা কল খালে বৃক্ক বা কিডনীত কেতিয়াও পাথৰ বা ষ্ট’ন হ’ব নোৱাৰে৷ ল’ৰা–ছোৱালীৰ ক্ষেত্রতো কলে যিকোনো কঠিন বেমাৰৰ পৰা দেহটোৰ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে দেহৰ গঠন, দাঁতৰ গঠনতো সহায় কৰে৷ পকা কল মুখমণ্ডলত সানি কিছুসময় পিছত ধুই দিলে মুখৰ উজ্জ্বলতাও বৃদ্ধি হয়৷ পেটৰ ভিতৰত ঘাঁ হ’লেও দৈনিক দুটাকৈ কল খালে ইয়াৰ পৰা আৰোগ্য পাব পাৰি৷
কলৰ দৰে কলগছ, পাত, শিপা আদিও ঔষধি গুণেৰে ভৰি আছে৷ উদাহৰণস্বৰূপে কুমলীয়া কলপাতৰ ৰস উচ্চ ৰক্তচাপ, লিভাৰৰ দোষ, পানী লগা, শ্বাস কষ্টত অতি উপকাৰী৷ তদুপৰি কলপাতত ক্লোৰ’ফিল নামৰ এনে এবিধ পদার্থ থাকে, যিটো পেটলৈ গ’লে বা যিকোনোভাৱে পেটত পৰি থাকিলে যেনে কলপাতত দিয়া ভাত–আঞ্জা খালে বা কলপাতেৰে মেৰিয়াই কোনো বস্তু পুৰিলে নাইবা সিজোৱা বস্তু খালে বা ৰস উলিয়াই খালে নতুবা কেঁচাই খালে কেইটামান বিশেষ অসুখ যেনে– লিউকোমিয়া, চর্মৰোগ আদি হ’ব নোৱাৰে বুলি ফ্রান্সত কৰা এক গৱেষণাৰ দ্বাৰা প্রমাণিত হৈছে৷ তদুপৰি কলগছৰ শিপাৰ পৰাও কুষ্ঠৰোগ, ডায়েছপেপচিয়া, তেজৰ পৰা হোৱা বিভিন্ন অসুখো নিৰাময় কৰিব পৰা যায় বুলি গম পোৱা গৈছে৷ পেটৰ অসুখত পুৰাকল ভাতত বা দাইলত দি খালে বা আঞ্জা কৰি খালে যথেষ্ট উপকাৰ পোৱা যায়৷
আমি অসমীয়া মানুহে খোৱা (আন আন বহু মানুহেও খায়) ভীমকলৰ কলডিল ভাজি বা আঞ্জা কৰি খালে হূদৰোগ, মূত্র বন্ধ, যকৃতৰ দোষ, মূর্ছা ৰোগ আদি ভাল হয়৷ তদুপৰি ভীমকলৰ পচলা যক্ষ্মা ৰোগৰ পৰম মহৌষধি বুলি কোৱা হয়৷ জণ্ডিচ ৰোগত মালভোগ কলৰ পচলা খালে বহুখিনি উপশম হয়৷ অসমীয়া মানুহে অতীজৰে পৰা নিজ কৌশলেৰে তৈয়াৰ কৰা কলাখাৰো পেটৰ বাবে এক উত্তম পথ্য বুলি বিবেচিত হৈছে৷ আমাৰ অসমীয়া বিভিন্ন পৌৰাণিক পুথিতো সুফল কদলি অর্থাৎ কল সম্পর্কে বিভিন্ন জ্ঞান–গম্ভীৰ সাৰুৱা কথা উল্লেখ আছে৷ ইয়াৰ ভিতৰত ডাকৰ বচনত উল্লেখ থকা এফাঁকি অতি প্রয়োজনীয় কথা হৈছে–
‘জেঠত দৈ, আহাৰত খৈ, শাওণে মৰাপাট খাবা গৈ/ ভাদত ওল, আহিনত কল, কাতিত কচুই বঢ়াই বল/ আঘোণত খাবা চৰাই, পুহত পিঠা, মাঘত কৰাই/ ফাগুনত মৌ, চ’ত–ব’হাগত বৰ, ইয়াকে খালে/পুৰুষৰ গুচে সর্বজ্বৰ৷ বিভিন্ন কলৰ পৰা তৈয়াৰী কেইপদমান বিশেষ খাদ্য যেনে– অসমীয়াৰ কল–পচলা, কলডিল আৰু পাৰৰ মাংস, কলাখাৰ, পুৰাকলৰ বৰ আঞ্জা আদি, বঙালীৰ কলডিলৰ চপ, কাটলেট, কাচকলৰ মাছৰ জোল, মাছৰ চপ, মাছ কাচকলৰ ঘণ্ট, মাছ আৰু কলৰ পুতৰি, কলৰ থোকৰ চেচকী, ক্ষীৰ আদি, কেৰেলা, তামিলনাডুৰ ফালে নাৰিকলৰ তেলত ৰন্ধা বা নাৰিকল ৰুকি ইয়াৰ স’তে মিহলি কৰি ৰন্ধা কলৰ বৰা, কলৰ চিপছ, ড’চা, বিভিন্ন আঞ্জা আদি, উৰিষ্যাৰ বিখ্যাত ডালমা, মহাৰাষ্ট্র, গুজৰাট, উত্তৰ প্রদেশৰ ফালে ৰন্ধা, হালোৱা, কোফটা, কাটলেট কাৰি, ফুলৰি আদি উল্লেখযোগ্য৷ ভাৰতবর্ষৰ বাহিৰতো কেইখনমান দেশত কলৰ পৰা তৈয়াৰ কৰা কেইবিধমান বিশেষ খাদ্য হৈছে– ব্রহ্মদেশৰ (ম্যানমাৰ) কলৰ থোৰ, মাছ আৰু নাৰিকল ৰুকি ইয়াৰ গাখীৰেৰে তৈয়াৰ কৰা মইংগা নামৰ আঞ্জা, ফিলিপাইনছত কলৰ পাতৰ ভিতৰত ৰন্ধা স্পেনিছ প্লেনটান, আফ্রিকাৰ কেইবাখনো দেশত ৰন্ধা কল ময়দাৰে তৈয়াৰী ৰুটী আৰু পকা কলৰ পৰা তৈয়াৰী এবিধ উৎকৃষ্ট মদ বিশেষভাৱে উল্লেখ কৰিব পাৰি৷
এইখিনিতে আৰু এটা কথা কোৱাটো উচিত হ’ব যে কল, বিশেষকৈ পকাকল খোৱাটো আমাৰ বাবে পৰম উপকাৰী হ’লেও ৰসায়নিক উপাদানেৰে Chemical Component) আদিৰে পকোৱা কল সিমান উপকাৰী নহয়৷ কাৰণ এইবোৰত আর্ছেনিক Arsenic) আৰু ফছফৰাছ Phosphorus) অধিক পৰিমাণে থাকে বাবে ই আমাৰ বহুতো বেমাৰ–আজাৰ বিশেষকৈ পেটৰ বেমাৰ আৰু কেঞ্চাৰ পর্যন্ত হ’ব পাৰে৷ সেয়েহে প্রাকৃতিকভাৱে পকা বা পকোৱা কলহে আমি যিমান পাৰো খোৱা উচিত৷
শেষত ইয়াকে কওঁ যে ইমানবোৰ ঔষধি গুণেৰে পৰিপূর্ণ আৰু লগতে খাবলৈ তৃপ্তিদায়ক এই বিধ ফল আমি আজিৰ পৰা দৈনিক খাবলৈ আৰম্ভ কৰোঁ আহক৷