নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ সাহিত্য উৎসৱত ডিমাচা ভাষাত কবিতা পাঠ হোজাইৰ যুৱকৰ

নিয়মীয়া বার্তা, ১৫ মাৰ্চ: নতুন দিল্লীৰ সাহিত্য উৎসৱত হোজাইৰ এজন কবিয়ে ডিমাচা ভাষাৰ কবিতা পাঠ কৰাত উৎফুল্লিত হৈছে অসমৰ ডিমাচা সমাজ। চলিত মাহৰ ১১ৰ পৰা আৰম্ভ হৈ আজি সামৰণি পৰে ৰাজধানী দিল্লীৰ ৰবীন্দ্ৰ ভৱনত আয়োজিত সাহিত্য অকাডেমি বাৰ্ষিক উৎসৱৰ লগত সংগতি ৰাখি আয়োজিত জনজাতি লেখক সন্মিলনত হোজাইৰ ৰাইকটা চন্দনপুৰ গাঁও নিৱাসী জান কেম্প্ৰাই ওৰফে সত্যসৰণ বৰ্মনে ডিমাচা ভাষাত কবিতা পাঠ কৰে। অনুসৰি সৰুৰে পৰা কবিতা লিখি ভাল পোৱা কেম্প্ৰায়ে কলেজত পঢ়ি থকাৰে পৰা ডিমাচা তথা অসমীয়া ভাষাত বহুকেইটা গান লিখি উলিয়াইছে আৰু বহুকেইজন ডিমাচা শিল্পীয়ে গোৱা গীত জনসাধাৰণে আদৰি লৈছে লগতে তিনিখনকৈ ডিমাচা ভাষাৰ কবিতা পুথি প্ৰকাশ হৈছে। সদৌ ডিমাচা ছাত্ৰ সন্থাৰ হোজাই জিলা সমিতিৰ প্ৰাক্তন সম্পাদক তথা ডিমাচা সাহিত্য সভা হোজাই জিলা সমিতিৰ সদ্য প্ৰাক্তন সম্পাদক হিচাপে কাৰ্য্যনিৰ্বাহ কৰা জান কেম্প্ৰাইয়ে জাতি তথা সাহিত্যৰ প্ৰতি স্নেহ থকাৰ বাবে বৰ্তমানো ডিমাচা জাতিৰ অনান্য সংগঠনৰ লগত জড়িত। দেশৰ সৰ্ব্বোচ্চ সাহিত্য মঞ্চৰ উক্ত জনজাতি লেখক সন্মিলনৰ অনুষ্ঠানত দেশৰ অনান্য ভাষাৰ কবিৰ লগতে কেম্প্ৰাইয়ে ডিমাচা ভাষাত কবিতা পাঠ কৰাৰ খবৰ লাভ কৰি ডিমাচা সাহিত্য সভা হোজাই জিলা সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে ভোলানাথ থাউচেন, জদেশ ডাউলাগুফু, সভাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি শিৱনাথ বড’ই শুভেচ্ছা জনোৱাৰ ওপৰিও তেওঁৰ অনান্য শুভাকাংখীসকলেও শুভেচ্ছা জনায়।

প্ৰেৰক কিশলয় দেৱগোস্বামী

You might also like