ছেপ্টেম্বৰত ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এমবিবিএছ পাঠ্যক্ৰমৰ সম্ভাৱনাঃ জিএমচিএইচৰ পৰা ধুবুৰীলৈ অধ্যাপক, সহকাৰী অধ্যাপক, প্ৰশিক্ষক প্ৰেৰণ
নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ অহা ছেপ্টেম্বৰ মাহৰ পৰা ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত এমবিবিএছৰ পাঠ্যক্ৰমৰ পাঠদান আৰম্ভ কৰাৰ বাবে ক্ৰমশঃ প্ৰস্তুত হৈছে ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগে। তাৰেই প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ সহযোগী অধ্যাপক, সহকাৰী অধ্যাপক, প্ৰশিক্ষককে ধৰি মুঠ ২৪গৰাকী চিকিৎসকক বিগত ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখে ৰিলিজ দিয়াৰ সমান্তৰালকৈ তেওঁলোকক তৎকালীনভাৱে ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষৰ সৈতে যোগাযোগ কৰাৰ নিৰ্দেশ দিয়া হোৱা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে কালি ডা৹ অখিলেশ কুমাৰ আগৰৱালাৰ নেতৃত্বত নেচনেল মেডিকেল কমিচন (চমুকৈ এনএমএচ)ৰ এটি তিনিজনীয়া দলে ধুবুৰীৰ ঝগৰাৰপাৰত নিৰ্মীয়মাণ ধুবুৰী মহাবিদ্যালয়খনৰ পৰিদৰ্শন কৰিছে। দলটোৱে নিৰ্মীয়মাণ সেই চিকিৎসা মহাবিদ্যালখনৰ গাতে লাগি থকা কা ধুবুৰী অসামৰিক চিকিৎসালয়খনৰো আন্তঃগাঁথনিকে ধৰি চিকিৎসা সেৱাৰ বুজ লৈছে। অনুমান কৰানুসৰি এনএমএচৰ এই দলটোৱে দিল্লীলৈ উভতি প্ৰেৰণ কৰিবলগীয়া অনুমতি পত্ৰখন লাভ কৰাৰ পিছতেই ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খন মুকলি হোৱাৰ তাৰিখ আনুষ্ঠানিক ভাৱে ঘোষণা কৰা হ’ব।জানিব পৰা মতে,নিৰ্মীয়মাণ এই ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত প্ৰায় এশগৰাকী ছাত্ৰ–ছাত্ৰীক এমবিবিএচৰ পাঠ্যক্ৰমৰ শিক্ষাদান কৰাৰ আন্তঃগাঁথনিৰে নিৰ্মাণ কৰা হৈছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী