পুনৰ বলাৎকাৰৰ ঘটনাঃ নামনি মাজুলীত আটক অভিযুক্ত বিবাহিত বলাৎকাৰী
নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চ : মাজুলী জিলাৰ নামনি মাজুলীত আজি বলাৎকাৰৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। গড়মুৰ থানাৰ অন্তৰ্গত বালিচাপৰি আৰক্ষী আউটপোষ্টৰ অধীনস্থ নামনি মাজুলীৰ শ্ৰীলোহিত গাঁও পঞ্চায়তৰ নলদুৱাৰত আজি দিনৰ ভাগত বলাৎকাৰৰ দৰে জঘন্য ঘটনা সংঘটিত হয় ৷ জনিব পৰা মতে সুনীল পাটিৰ নামৰ এজন অসৎ যুৱকে আজি ১৪ বছৰীয়া এগৰাকী কিশোৰীক বলাৎকাৰ কৰে । কিশোৰীগৰাকীৰ ঘৰ নলদুৱাৰত। লম্পট ধৰ্ষণ কাৰী সুনীল পাটিৰৰ ঘৰ চেলেক গাঁৱত। চেলেক গাঁৱৰ জয়ন্ত পাটিৰ আৰু লতা পাটিৰৰ পুত্ৰ সুনীল । ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত সুনীল পাটিৰক। জানিব পৰা মতে বিদ্যুৎ বিভাগৰ কাম কাজ জানিছিল চেলেক গাঁৱৰ সুনীল পাটিৰে । নলদুৱাৰৰ কিশোৰীগৰাকীৰ ঘৰত বিদ্যুৎ বেয়া হৈ থকাৰ খবৰ দিয়াত বিদ্যুতৰ কাম কৰিবলৈ আজি পুৱা সুনীল গৈছিল । সেই সময়ত কিশোৰীগৰাকীৰ ঘৰত কোনো নথকা সুযোগ গ্ৰহণ কৰি লম্পট সুনীল পাটিৰে ১৪ বছৰীয়া কিশোৰী গৰাকীক ধৰ্ষণৰ চেষ্টা কৰে । কিশোৰী গৰাকীয়ে চিঞৰ বাখৰ কৰাত লম্পতটো পলাবলৈ চেষ্টা কৰিছিল যদিও ওচৰ চুবুৰীয়া গৈ লম্পটটোক ধৰিবলৈ সক্ষম হয়। লগত লগে বালিচাপৰি আৰক্ষী আউটপোষ্টৰ আৰক্ষীক খবৰ দিয়াত বালি চাপৰি আৰক্ষী গৈ লম্পটটোক আটক কৰে আৰু পিছত গড়মুৰ থানালৈ সোধ পোচৰ বাবে লৈ আহে ৷ উল্লেখ্য যে সুনীল পাটিৰৰ বিৰুদ্ধে গড়মূৰ আৰক্ষীয়ে ১৩/২২ নম্বৰত এটা গোচৰ ৰুজু কৰিছে । সুনীল পাটিৰ বিবাহিত ব্যক্তি আৰু এটা সন্তানৰ পিতৃ বুলি জানিব পৰা গৈছে ৷ আনহাতে কিশোৰী গৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে গড়মূৰ পীতাম্বৰদেৱ জিলা চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও পাছত গড়মূৰৰ পৰা যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে । উক্ত, বলাৎকাৰৰ ঘটনাই অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰিছে ।নামনি মাজুলীৰ স্থানীয় ৰাইজে দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে ।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড