ৰেগিঙৰ অভিযোগঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইঞ্জিনীয়াৰিঙৰ দুই ছাত্রক নিলম্বন
বিশেষ বাৰ্তা, ১৭মাৰ্চঃ ৰেগিঙৰ বাবেই দুজনকৈ শিক্ষাৰ্থী বিশ্ববিদ্যালয়ৰ পৰা নিলম্বিত হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি কৰিছে। উজনিৰ উচ্চ শিক্ষা তথা বৌদ্ধিক প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত ৰেগিঙৰ ঘটনাই সভা সমাজক লজ্জানত কৰিলে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰে কনিষ্ঠ ছাত্ৰক ৰেগিঙৰ লগতে মাৰপিট কৰাৰ গুৰুতৰ অভিযোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ২ বছৰৰ বাবে ছাত্ৰ একটা সভাৰ সহকাৰী সাধাৰণ সম্পাদকগৰাকীক নিলম্বিত কৰা হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়খনৰ ডুৱেটৰ Mechanical Engineering বিভাগৰ ৫ম বৰ্ষৰ ছাত্ৰ ঋতুপৰ্ণ দাসৰ লগতে Electronic and communication Engineering বিভাগৰ পঞ্চম বৰ্ষৰ ছাত্ৰ কিংকু শইকীয়াক নিলম্বন কৰা বুলি নং:ডিইউ/এচ ডব্লিউ এচ /এইচ.ৰেগিং/২০০৮(পাৰ্ট)৯৮০০ আৰু ৯৮০১ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই এক জাননী জৰিয়তে এই কথা প্ৰকাশ কৰিছে।বিশ্ববিদ্যালয়খনৰ ইঞ্জিনীয়াৰিং বিভাগত যোৱা ২৫ ফেব্ৰুৱাৰীত এটা হোষ্টেলত নৱাগতাৰ লগত সংঘটিত হোৱা এই ৰেগিঙৰ ঘটনাৰ পাছতেই ভুক্তভোগী ছাত্ৰকেইজনে অভিযোগ দিছিল। বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ঘটনাৰ তদন্ত চলাই ছাত্ৰ দুজনক ইতিমধ্যে নিলম্বন কৰিছে। বিশ্ববিদ্যালয়খনত সংঘটিত হোৱা এই ঘটনাৰ পিছতে সমগ্ৰ বিশ্ববিদ্যালয়ৰ লগতে সৰ্ব্ত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।
প্ৰেৰক বিভাস দুৱৰা