নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিবিড় মুহূৰ্তৰ ভিডিঅ’ই বিখ্যাত কৰা কিম, কোটিত উপাৰ্জন

বিশেষ বাৰ্তা, ১৯ মাৰ্চঃ সিদিনালৈ নিজা পৰিচয় নথকা কিম কাৰ্ডাছিয়ানক আজি কোনেনো চিনি নাপায়! পেজ-থ্রীৰ পাতত মাজে মাজে ২২ বছৰ বয়সীয়া ছোৱালীজনীৰ নাম চকুত পৰিছিল। খ্যাতিনামা আইনজীৱী ৰবার্ট কাৰ্ডাছিয়ানৰ জীয়ৰী হিচাপে চিনাকী আছিল। কেতিয়াবা হিলটন হোটেলছৰ উত্তৰাধিকাৰী পেৰিছ হিলটনৰ বন্ধু হিচাপে আৰু কেতিয়াবা হিপ-হপ গায়িকা ব্রেণ্ডিৰ ষ্টাইলিষ্ট হিচাপেও কিছু চিনাকী হৈ উঠিছিল। কিন্তু মাত্ৰ কেইবছৰৰ ভিতৰতে ছবিখন সলনি হ’ল। বিনোদনৰ পৃষ্ঠাত সৰুকৈ ছবি দেখা যোৱা সেই কিম নিশাৰ ভিতৰতে তাৰকা হৈ উঠে। ইয়াৰ অন্তৰালত আছে এটি ভিডিঅ’ৰ অৱদানৰ কাহিনী।

ব্রিটিছ সংবাদপত্ৰ এখনৰ মতে, ২০০২ চনৰ অক্টোবৰত ২৩ সংখ্যক জন্মদিন উদ্‌যাপন কৰিবলৈ ৰে জে নামৰ বন্ধুৰ সৈতে মেক্সিকোৰ কাবো ছান লুকাছলৈ গৈছিল কিম। লগত নিছিল এটি কেমকর্ডাৰো। বন্ধ উপভোগৰ সুন্দৰ মুহূৰ্তবোৰৰ উপৰিও তাত বন্দী হৈছিল দুয়োৰে নিবিড় মুহূর্তৰ ছবি। আৰু সেই ভিডিঅ’ এদিন ভাইৰেল হৈছিল। ভিডিঅ’ ভাইৰেল হোৱাৰ অভিযোগ উঠিছিল খোদ কিম আৰু ৰেৰ বিৰুদ্ধেই। অভিযোগ-প্ৰতিঅভিযোগৰ খেলখন আজিও শেষ হোৱা নাই।

‘কিম কাৰ্ডাছিয়ান, ছুপাৰষ্টাৰ’নামৰ সেই ভিডিঅ’ৰ জনপ্রিয়তা নকলেও হ’ব। ২০০৭ চনৰ ২১ মাৰ্চত লীক হোৱা ভিডিঅ’টো এতিয়ালৈ ১৫ কোটি বাৰ উপভোগ কৰা হৈছে। তাৰে আগেয়েও আৰু এটি ভিডিঅ’ই হলীউডত হাহাকাৰ লগাইছিল। সেইটো আছিল কিমৰ বান্ধৱী পেৰিছ হিলটনৰ। ২০০১ চনৰ ভিডিঅ’টোত পেৰিছৰ সৈতে আছিল তেওঁৰ তেতিয়াৰ বয়ফ্রেণ্ড ৰিক ছলোমন। দুয়োৰে নিবিড় মুহূর্তবোৰ মুকলি হৈছিল ২০০৪ চনত। পেৰিছে সদায়ে নস্যাৎ কৰি আহিছিল যে সেই ভিডিঅ’ তেওঁ লীক কৰা নাছিল। ‘১ নাইট ইন পেৰিছ’ শীৰ্ষক ভিডিঅ’টি প্রকাশ কৰাৰ বাবে পেৰিছৰ পকেটত ১০ লাখ ডলাৰ সোমাইছিল বুলি ব্ৰিটিছ সংবাদ মাধ্যমৰ দাবী।

২০০৭ চনত পেৰিছক পিছ পেলাইছিল কিমৰ ভিডিঅ’ই। প’ৰ্ণ ছবি তৈয়াৰ কৰা এটি প্ৰতিষ্ঠানে সেয়া প্ৰকাশ কৰিছিল। ৪১ মিনিটৰ ভিডিঅ’টি যাতে প্রকাশ নহয় তাৰ বাবে আইনী যুঁজ দিছিল কিমে। কিন্তু তাত সফল নহ’ল। সেই ভিডিঅ’ৰ পৰা কিমৰ উপাৰ্জন হৈছিল ২ কোটি ডলাৰ। ভাৰতীয় মুদ্রাৰ হিচাপত ১৪৯ কোটি টকাৰ অধিক। ৰাতিৰ ভিতৰতে জনপ্ৰিয়তাৰ শীৰ্ষত উঠিছিল কিম। তেতিয়াৰে পৰা অখ্যাত কিম হৈ উঠিছিল নিজে নিজৰ পৰিচয়।

You might also like