কাজিৰঙালৈ আহিব ছুপাৰষ্টাৰ অক্ষয় কুমাৰ
নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ কাজিৰঙাৰ প্রাকৃতিক সৌন্দর্য আৰু এশিঙীয়া গঁড় চাবলৈ অচিৰেই ৰাষ্ট্রীয় উদ্যানখনলৈ আহিব বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰ৷ হিন্দী চলচ্চিত্র জগতৰ ব্যস্ত আৰু জনপ্রিয় অভিনেতাজনৰ আগমনৰ দিন এতিয়াও স্থিৰ হোৱা নাই যদিও তেওঁ ৰাষ্ট্রীয় উদ্যানখনত চলিত মাহৰ শেষভাগত অথবা ব’হাগ বিহুৰ পূর্বেই উপস্থিত হোৱাৰ সম্ভাৱনাৰ কথা প্রকাশ কৰিছে কাজিৰঙা কর্তৃপক্ষই৷
উল্লেখ্য যে অভিনেতাজনে ২০১৯ চনৰ জুলাইত অসমত সৃষ্টি হোৱা ভয়ংকৰ বানত কাজিৰঙাৰ জীৱ–জন্তুৱে সন্মুখীন হোৱা দুর্ভোগ প্রত্যক্ষ কৰি মুখ্যমন্ত্রীৰ সাহায্য পুঁজি আৰু কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ জীৱ–জন্তুক উদ্ধাৰৰ বাবে এক কোটি টকা দান কৰিছিল৷ অভিনেতাজনৰ এনে অনুদানৰ জৰিয়তে কাজিৰঙা কর্তৃপক্ষই বানৰ পৰা জন্তুবোৰক উদ্ধাৰ কৰিবলৈ নির্মাণ কৰিছিল কেইবাটাও হাইলেণ্ড৷ তদুপৰি ডোনা চোৰাং চিকাৰীৰ বিৰোধী শিবিৰ, কাৰাছিং চোৰাং চিকাৰী বিৰোধী শিবিৰ, পোটাহী আর্দ্রভূমি বান্দাৰডুবি ৰোড কাম হাইলেণ্ড আৰু ফ্ল’টিং কেম্প নির্মাণ কৰি উলিয়াইছিল৷ এই নির্মাণকার্য সম্পূর্ণ হোৱাৰ পাছতেই শনিবাৰে টুইটাৰযোগে ৰাষ্ট্রীয় উদ্যান কর্তৃপক্ষই উন্নয়নমূলক প্রকল্পসমূহৰ ফটো শ্বেয়াৰ কৰে৷ কর্তৃপক্ষই অক্ষয় কুমাৰক উদ্যানখন পৰিদর্শন কৰিবলৈ, বন্যপ্রাণী উপভোগ কৰিবলৈ আৰু তেওঁ দিয়া অনুদানেৰে নির্মাণ কৰা প্রকল্পসমূহ পৰিদর্শন কৰিবলৈ নিমন্ত্রণ দিয়ে৷ টুইটাৰযোগে এই নিমন্ত্রণ পোৱাৰ পাছতেই অক্ষয় কুমাৰেও টুইটযোগে অচিৰেই কাজিৰঙালৈ আহিব বুলি উল্লেখ কৰিছে৷