শিশুৰ মস্তিষ্কৰ দ্ৰুত বিকাশ ঘটাবলৈ কি খুৱাব…
বিশেষ বাৰ্তা, ২১ মাৰ্চঃ সন্তানৰ দৈহিক আৰু মানসিক বিকাশক লৈ অভিভাৱকৰ চিন্তাৰ শেষ নাই। বিশেষকৈ সন্তানৰ স্বাস্থ্য, পুষ্টি আৰু বুদ্ধিমত্তাৰ বিকাশক লৈ অধিকাংশ মাক-দেউতাকেই সচেতন। বিশেষজ্ঞৰ মতে, শিশুৰ মস্তিষ্কৰ বিকাশৰ বাবে সঠিক খাদ্যাভ্যাসেই যথেষ্ট। কি কি খাদ্যই সহায় কৰিব পাৰে সন্তানৰ বৌদ্ধিক বিকাশত তাকেই চাওঁ আহক-
কণীঃ সুষম খাদ্য বুলি ক’লে প্ৰথমেই কণীৰ নাম ল’ব লাগিব। বিশেষজ্ঞৰ মতে, কণীত থাকে প্রচুৰ পৰিমাণৰ কোলিন। কোলিন মস্তিষ্কৰ স্বাস্থ্য ভাল ৰখা তথা স্মৃতিশক্তি বৃদ্ধিত সহায় কৰে।
ওট: ওটত থাকে ভিটামিন ই, ভিটামিন বি, পটেছিয়াম আৰু জিংকৰ দৰে উপাদান। এই উপদানবোৰ মস্তিষ্কৰ বিকাশত অত্যন্ত গুৰুত্বপূর্ণ। সেয়ে সদায় পুৱা ওট খোৱা অভ্যাস শিশুৰ স্বাস্থ্যৰ পক্ষে বৰ উপকাৰী।
ৰঙীন পাচলিঃ বিলাহী, বীট, ৰঙা আলু, গাজৰ আদি পাচলিত অন্যান্য জৰুৰী উপাদানৰ লগতে থাকে কেৰোটিনয়েড জাতীয় উপাদান। এই উপাদানে স্নায়ু ভালে ৰখাৰ বাবে প্ৰয়োজনীয়। বিশেষকৈ চকুৰ স্বাস্থ্য ভাল ৰাখিবলৈ কেৰোটিনয়েড অত্যন্ত উপযোগী। সমান্তৰালকৈ এই ধৰণৰ চবজিত প্রচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে, যিয়ে মস্তিষ্কৰ কোষৰ বৃদ্ধি তথা স্বাস্থ্য ৰক্ষাত সহায় কৰে। মস্তিষ্কৰ বিকাশৰ বাবে দেশীয় ব্রাহ্মী শাক খাদ্যৰ কিংবদন্তী।
গাখীৰঃ গাখীৰ আৰু দুগ্ধজাত খাদ্য শিশুৰ মস্তিষ্কৰ কোষৰ গঠন আৰু কামকাজ বৃদ্ধিৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ। গাখীৰত থাকে ভিটামিন ডি। এই ভিটামিন স্নায়ুতন্ত্রৰ স্বাস্থ্যৰক্ষা কৰাত তথা স্নায়ুকোষৰ আয়ুস বৃদ্ধি কৰাত সহায় কৰে।
ছ্যামন মাছঃ আগতে ভাৰতীয় বজাৰত এই মাছ তেনেকৈ নাপালেও বর্তমান সময়ত পোৱা খুব কঠিন নহয়। এই মাছত প্রচুৰ পৰিমাণে ‘অ’মেগা ৩ ফেটী এচিড’ থাকে। লগতে থাকে ‘ডিএইচএ’ আৰু ‘ইপিএ’ নামৰ দুটি উপাদান, যিয়ে মস্তিষ্কৰ বৃদ্ধি আৰু কামকাজ ৰক্ষাৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ। শিশুৱে এই মাছ খালে সেয়া হৈ উঠিব পাৰে‘ছুপাৰফুড’।