ৰাজনীতিৰ চিৰ বৈৰী ৰেকিবুদ্দিন আহমেদ আৰু ডাঃ কমলা কলিতা কেতিয়া বন্ধু হ’ল
নিয়মীয়া বাৰ্তা, ছয়গাঁও, ২৫ মাৰ্চঃ কামৰূপ জিলাৰ ছয়গাঁৱত এখন ফটো চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে। পিছে এই ফটোখন কোনো বলীউডৰ চেলিব্ৰিটীৰ নহয়। দুজন ৰাজনৈতিক নেতাৰ এখন ফটোক লৈহে চৰ্চা হৈছে। এই ৰাজনৈতিক নেতা দুজন অন্য কোনো নহয়, এজন হৈছে ছয়গাঁও সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু আনজন হৈছে প্ৰাক্তন মন্ত্রী, অসম চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডৰ অধ্যক্ষ তথা অগপৰ জেষ্ঠ নেতা ডাঃ কমলা কলিতা। এই দুয়োজন নেতাই এজনে আনজনৰ ৰাজনৈতিক চিৰ বৈৰী। পিছে ছয়গাঁৱৰ মিনি ষ্টেডিয়াম এথলেটিকছ প্ৰতিযোগিতাৰ এক বঁটা বিতৰণী সভাত বিধায়ক ৰেকিবুদ্দিন আহমেদে মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে খাদী বোৰ্ডৰ অধ্যক্ষ ডাঃ কমলা কলিতা সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। উক্ত নেতা দুজনে এজনে আন জনক সম্বোধন কৰাৰ লগতে হাঁহি-হাঁহি বাৰ্তা আলাপ কৰে। যাৰ ফলত নেতা দুজনক লৈ ছয়গাঁৱত খুবেই চৰ্চিত হৈছে। এই নেতা দুজনে এনেদৰে একে লগ হৈ কথা পতাত গণতন্ত্ৰৰ বাবে শুভ লক্ষণ বুলিও সচেতন মহলত চৰ্চিত হৈছে। অনাগত দিনত ছয়গাঁৱৰ উন্নতিৰ ক্ষেত্ৰত দুয়োজন নেতাৰ এই সদ্ভাৱে ছয়গাঁৱক আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায়ক হ’ব বুলিও সচেতন মহলত চৰ্চিত হৈছে।