মাজুলীত কৃষ্ণা মেধিৰ দুখন গ্ৰন্থ উন্মোচন
নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ মাজুলীৰ বিশিষ্ট প্ৰকাশন গোষ্ঠী ‘পাহি-পৰী প্ৰকাশ’ৰ দ্বাৰা সাংস্কৃতিক কৰ্মী, সংগঠক, লেখিকা কৃষ্ণা মেধিৰ দুখন সুখপাঠ্য গ্ৰন্থ উন্মোচন কৰা হয়। ফুলনিৰ বয়োজ্যেষ্ঠা ধৰ্মপ্ৰাণা মহিলা ভোগদৈ মেধিয়ে বন্তি প্ৰজ্বলন কৰা গ্ৰন্থ উন্মোচনীৰ গাম্ভীৰ্যপূৰ্ণ সভাখনিৰ শুভ উদ্বোধন কৰে অবিভক্ত যোৰহাট জিলা অধিবিদ্যা পৰিষদৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি তথা খাৰজানপাৰ উঃ মাঃ বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক ললিত হাজৰিকাই । আউনীআটী হেমচন্দ্ৰ হাইস্কুলৰ সহঃশিক্ষক, বিশিষ্ট সাহিত্যিক-কবি ডিম্বেশ্বৰ ভূঞাই সঞ্চালনা কৰা সভাখনিত সংগীত-নাটক অকাডেমি বঁটা প্ৰাপক বিশিষ্ট মুখাশিল্পী-পণ্ডিত ড০ হেমচন্দ্ৰ গোস্বামীয়ে কৃষ্ণা মেধিৰ প্ৰথমখন গ্ৰন্থ ‘অক্ষয় বন্তি’ৰ শুভ উন্মোচন কৰে।
নিজৰ ভাষণ প্ৰসংগত মুখাশিল্পৰ গৱেষক-পণ্ডিতজনাই কয় যে এখন সমাজৰ উত্থান-পতন সচিত্ৰৰূপত আমি সাহিত্যৰ মাধ্যমেৰে জানিব পাৰো | যিখন সমাজত মৌলিক সাহিত্য ৰচনাৰে সমাদৃত হৈছে তেনেখন সমাজেই গৌৰৱী সমাজ | এনে গৌৰৱী সমাজখনেই অন্য দহখন সমাজৰো আদৰ্শ সমাজ | শ্ৰীমন্ত শঙ্কৰদেৱ-মাধৱদেৱ গুৰু দুজনাৰ অমিয়া বৈভৱী আমাৰ অসমীয়া সমাজত মাজুলী আগতেও সাহিত্যৰ ক্ষেত্ৰত সমৃদ্ধিশালী আছিল আৰু এতিয়া ন-চামে হাত উজান দি সোণত সুৱগা চলাইছে |’ কৃষ্ণা মেধিৰ দ্বিতীয়খন গ্ৰন্থ ‘শব্দ ৰাগিণী’ৰ উন্মোচক আছিল স্ব-নামধন্য লেখক-কবি-সংস্কৃতিবান ব্যক্তি মাজুলীৰ প্ৰথমখন উচ্চ শিক্ষানুষ্ঠান মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দেৱজিত শইকীয়াই |
ডক্টৰ শইকীয়ায়ো কয় যে কৃষ্ণা মেধিয়ে সাংস্কৃতিকভাৱে আমাক সমৃদ্ধ কৰি আহিছে যদিও তেওঁৰ সাহিত্য প্ৰীতি আৰু প্ৰতিভাই আমাৰ সাহিত্যৰ ভঁৰালো সমৃদ্ধ কৰিছে | একে সময়তে তেওঁৰ দুখনকৈ গ্ৰন্থ উন্মোচন কৰি আমাক আহ্লাদিত কৰিলে | এই সভাতে লেখিকা মীনা নাথৰ ‘আধ্যাত্মিক তত্ব কথন’ প্ৰৱন্ধ গ্ৰন্থখনি উন্মোচন কৰে পূৱ মাজুলী মহাবিদ্যালয় প্ৰতিষ্ঠাপক প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট সংগঠক ডক্টৰ অৰূপ কুমাৰ বৰাই | ডক্টৰ বৰাই উন্মোচনী ভাষণত কয় যে আজি মাজুলীৰ ফুলনি অঞ্চলৰ পৰা তিনিখনকৈ বিশিষ্ট গ্ৰন্থ উন্মোচনৰ দ্বাৰা ফুলনি অঞ্চল সমৃদ্ধ কৰাৰ লগতে আমাৰ ভাষা-জননীৰ ভঁৰাল চহকী কৰিলে | মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰা জেংৰাইমুখ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক সুৰেন্দ্ৰ নাথ মুদৈয়ে গীতাৰ উদ্ধৃতিৰে সাহিত্যৰ অভিজ্ঞান যাত্ৰাৰ এক সমীক্ষাত্মক ভাষণ আগবঢ়ায় | মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰা চামগুৰি সত্ৰ ৰাৱনাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিষয় শিক্ষক সৰ্বানন্দ নাথে সচৰাচৰ সাহিত্য আৰু সাৰ্বজনীন সাহিত্যৰ এটি মনোজ্ঞ আলোচনা আগবঢ়ায় | কোনো এখন গ্ৰন্থ মহৎ গ্ৰন্থ হোৱাৰ সম্ভাৱনা আৰু ইয়াৰ আনুসংগিক দিশতো পৰ্যালোচনা আগবঢ়ায় | এই সভাতে পাহি-পৰী প্ৰকাশনে এটি ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত কৰে | ২০১৪ চনতে বহু বাধা-নিষেধ নেওচি দুয়োটা বৃক্ক বিকল হোৱা নিজৰ স্বামীক দেহৰ এটি বৃক্ক সংস্থাপন কৰাই নতুন জীৱনৰে সম্প্ৰতি সুখী দাম্পত্য জীৱন কটোৱা সাহসী মহিলা ২ নং ফুলনি গাঁৱৰ প্ৰজ্বলিকা শইকীয়াক ‘সতীসাধ্বী’ স্বীকৃতি পত্ৰ প্ৰদান কৰে | এখন প্ৰশস্তি পত্ৰ আৰু ফুলাম গামোচাৰে বৰণ কৰি প্ৰজ্বলিকা শইকীয়াৰ এই ত্যাগৰ সাহসী পদক্ষেপ বিগত-কালৰ বিদূষি নাৰীসকলৰ ত্যাগতকৈ কোনোগুণে কম নহয় বুলি মন্তব্য কৰে পাহি-পৰী প্ৰকাশ, মাজুলীৰ স্বত্বাধিকাৰী, কবি-সংগঠক জয়ন্ত হাজৰিকাই। সভাৰ সঞ্চালক ডিম্বেশ্বৰ ভূঞায়ো এইগৰাকী অনন্য সাহসী মহিলাৰ অতুলনীয় দৃঢ়তা ভূয়সী প্ৰশংসা কৰে।
প্ৰেৰকঃ প্ৰাঞ্জল খাউণ্ড