নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ দ্বিতীয়বাৰৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ আসনত বহিল যোগী আদিত্যনাথ । শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিভিন্ন ৰাজ্যৰ বিজেপিৰ মুখ্যমন্ত্ৰীসকল আৰু জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিচাপে শপত লয় যোগী আদিত্যনাথে।
মন কৰিবলগীয়া যে উত্তৰ প্ৰদেশৰ ৰাজনীতিত এগৰাকী মুখ্যমন্ত্ৰীয়ে একেৰাহে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহা যোগী আদিত্যনাথেই প্ৰথম। ইপিনে যোগী আদিত্যনাথে যোৱা পাঁচ বছৰত ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ উন্নতিৰ সৈতে এখন শক্তিশালী চৰকাৰ গঠন কৰাত বিশেষ গুৰুত্ব দিছিল ।
উল্লেখ্য যে শুকুৰবাৰে এই মুখ্যমন্ত্ৰী হিচাপে যোগী আদিত্যনাথৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
Congratulations Shri Yogi Adityanath ji on the historic occasion of assuming office as CM of UP for the 2nd consecutive term.
My best wishes to you to carry forward Adarniya PM Shri @narendramodi ji’s vision & take UP to new heights with all-round development.@myogiadityanath pic.twitter.com/inmioXT3J1
— Himanta Biswa Sarma (@himantabiswa) March 25, 2022