নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রগতিশীল কৃষকক প্রশংসা মুখ্যমন্ত্রীৰ

কঠোৰ পৰিশ্রমেৰে জৈৱিক কৃষি বিকাশ সাধন

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ উৎসর্গিত মনোভাব আৰু কঠোৰ পৰিশ্রমেৰে সোণাপুৰ ৰাজহ চক্র এলেকাত জৈৱিক কৃষিৰ বিকাশ সাধনৰ বাবে প্রগতিশীল কৃষকসকলে কৰা প্রয়াসক মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে প্রশংসা কৰে ৷ উল্লেখ্য যে হৰিচৰণ দাস, নিৰেন চন্দ্র দাস আৰু ফণীধৰ পাঠক নামৰ তিনিজন প্রগতিশীল কৃষকে বুধবাৰে মুখ্যমন্ত্রী সোণোৱালক তেওঁৰ চৰকাৰী আৱাসগৃহত সাক্ষাৎ কৰি জৈৱিক কৃষি ক্ষেত্রত তেওঁলোকে লাভ কৰা সফলতাৰ বিষয়ে অৱগত কৰে ৷ মুখ্যমন্ত্রী সোণোৱালে সোণাপুৰ এলেকাত জৈৱিক কৃষিৰ বিকাশৰ বাবে লোৱা এই পদক্ষেপে ৰাজ্যখনৰ অন্যান্য কৃষকসকলকো অধিক উৎসাহিত কৰিব বুলি মন্তব্য কৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অসম তথা উত্তৰ–পূর্বাঞ্চলক দেশৰ জৈৱিক হাব হিচাপে পৰিগণিত কৰিব বিচৰা বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এই প্রয়াসে প্রধানমন্ত্রীৰ সপোন বাস্তৱায়িত কৰাৰ দিশত ইতিবাচক অৰিহণা আগবঢ়োৱাৰ উপৰি নতুন প্রজন্মক এই কৃষি পদ্ধতি অৱলম্বনৰ দিশত অধিক উৎসাহিত কৰিব ৷ সোণাপুৰ ৰাজহ চক্রৰ হহৰা, বগীবাৰী, ধূপগুৰি গাঁৱৰ কৃষকসকলে তেওঁলোকৰ উৎপাদিত জৈৱিক শাক–পাচলি মুখ্যমন্ত্রীক প্রদর্শন কৰে ৷ মুখ্যমন্ত্রীয়ে কৃষককেইগৰাকীক তেওঁলোকে প্রদান কৰা শাক–পাচলিৰ উচিত মূল্য আদায় দিয়ে ৷ মুখ্যমন্ত্রীয়ে কৃষকসকলক এই ধাৰা অব্যাহত ৰাখিবলৈ আহ্বান জনায় যাতে আৰু অধিক কৃষকে তেওঁলোকৰ আদর্শৰ দ্বাৰা অনুপ্রাণিত হ’ব পাৰে৷ মুখ্যমন্ত্রীৰ সৈতে কৃষকসকলৰ মত বিনিময়ৰ সময়ত সাংসদ প্রদান বৰুৱা, অসম বিধানসভাৰ প্রাক্তন অধ্যক্ষ তথা বিধায়ক ৰঞ্জিত কুমাৰ দাস উপস্থিত আছিল ৷

You might also like