নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়াৰ চানেকি নলীয়া কটাৰীয়ে জোকাৰিছে শিৱসাগৰৰ প্রশাসন

উপায়ুক্তক উপহাৰ দি নিৰাপত্তা ব্যৱস্থাৰ পাকচক্রত পৰিল সাংস্কৃতিক বিষয়া

নিয়মীয়া বার্তা, ২৩ জানুৱাৰীঃ শিৱসাগৰ জিলা উপায়ুক্তগৰাকীক জিলাখনৰ এগৰাকী সাংস্কৃতিক বিষয়াই উপহাৰ হিচাপে আগবঢ়োৱা এখন নলীয়া কটাৰীক লৈ প্রশাসনৰ বৰঘৰত সৃষ্টি হৈছে মহাবিতর্কৰ ৷ সৰু পাচলি কটা নলীয়া কটাৰীখনৰ বাবেই এতিয়া জিলা উপায়ুক্তৰ কক্ষত স্থাপন কৰা হ’ল মেটেল ডিটেক্টৰৰ দৰে অত্যাধুনিক যন্ত্র ৷ আমাৰ হাতত পৰা এক তথ্য অনুসৰি, ২০ জানুৱাৰীত শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্রিয়াই শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকলৈ উপায়ুক্তৰ কার্যালয়ত বিপদৰ সম্ভাৱনা আৰু সুৰক্ষাজনিত অভাৱৰ ক্ষেত্রত এক গুৰুতৰ অভিযোগ দাখিল কৰিছে ৷ নং এছ ভি চি ২১/২০১৯/২৯ নম্বৰৰ পত্র অনুসৰি ২০ জানুৱাৰীত জিলা সাংস্কৃতিক বিষয়া অংশুমান দত্তই শিৱসাগৰ জিলা উপায়ুক্তৰ কার্যালয় কক্ষলৈ গৈ কাগজেৰে মেৰিয়াই সচৰাচৰ অসমীয়া সমাজে ব্যৱহাৰ কৰা পৰম্পৰাগত এখন নলীয়া কটাৰী উপহাৰ স্বৰূপে প্রদান কৰে ৷ উপহাৰবিধক লৈ বর্তমান শংকিত হৈ পৰিছে শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্রিয়া ৷ সাদৰেৰে উপহাৰ গ্রহণ কৰাৰ পাছত উপায়ুক্তগৰাকীয়ে হঠাতে অনুভৱ কৰে যে এনেধৰণৰ সামগ্রী তেওঁৰ কার্যালয় কক্ষলৈ কঢ়িয়াই অনা তেওঁৰ বাবে বিপদৰ কাৰণ হ’ব পাৰে, যাৰ বাবে উপায়ুক্তগৰাকীয়ে তৎকালীনভাৱে পুনৰ সাংস্কৃতিক বিষয়াগৰাকীক কার্যালয় কক্ষলৈ মতাই আনি কি কাৰণত এখন কটাৰী উপহাৰৰূপে প্রদান কৰিব লগা হ’ল সেই বিষয়ে স্পষ্টীকৰণ বিচাৰে ৷

অভিযোগ পত্রত ডাঃ এম এছ লক্ষ্মীপ্রিয়াই উল্লেখ কৰা অনুসৰি সাংস্কৃতিক বিষয়াগৰাকীয়ে সেই সর্ন্দভত কোনো স্পষ্ট উত্তৰ প্রদান কৰিব নোৱাৰিলে ৷ অসম আৰু অসমীয়াৰ পৰিচয়সূচক নলীয়া কটাৰীখন উপায়ুক্ত এম এছ লক্ষ্মীপ্রিয়াক উপহাৰস্বৰূপে প্রদান কৰিবলৈ গৈ এতিয়া নিজলৈ বিপদ মাতি আনিলে সাংস্কৃতিক বিষয়াগৰাকীয়ে ৷ আনহাতে এইদৰে উপহাৰ ৰূপী কটাৰী জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্রিয়াৰ কার্যালয় কক্ষত প্রৱেশ কৰাৰ বাবে সমগ্র ঘটনাটোৰ অনুসন্ধানৰ লগতে বিপদৰ সম্ভাৱনা সৃষ্টি কৰা কটাৰীখন উপায়ুক্তগৰাকীয়ে আৰক্ষী অধীক্ষকৰ আগত প্রমাণ স্বৰূপে দাখিল কৰাৰ উপৰি জিলা উপায়ুক্তৰ কার্যালয় কক্ষৰ প্রৱেশদ্বাৰত মেটেল ডিটেক্টৰৰ ব্যৱস্থা কৰিবলৈ আবেদন জনাইছে ৷ এইদৰে উপহাৰ দিবলৈ গৈ এখন নলীয়া কটাৰীক কেন্দ্র কৰি শিৱসাগৰ জিলা উপায়ুক্তৰ কার্যালয়ত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে ৷

শেহতীয়াকৈ জানিব পৰা মতে, মৰমৰ উপহাৰ স্বৰূপে পৰম্পৰাগত নলীয়া কটাৰী উপহাৰ দিবলৈ গৈ চৰকাৰী ৰোষত সোমাই পৰা সাংসৃকতিক বিষয়াগৰাকীক ততাতৈয়াকৈ গুৱাহাটীস্থ মুখ্য কার্যালয়লৈ তলব কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ ইফালে ঘটনা সর্ন্দভত লাভ কৰা অধিক তথ্য অনুসৰি সাংস্কৃতিক বিষয়াগৰাকীয়ে হেনো নিজ হাতেৰে বিৰি গাঁঠি, নাল লগাই শুদ্ধ লোহাৰ অসমীয়াৰ পৰিচয় ৰূপী কটাৰীখন মৰমৰ চিন স্বৰূপে জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্রিয়াক প্রদান কৰিবলৈ গৈছিল ৷ সাংস্কৃতিক বিষয়াগৰাকীৰ পৰা লাভ কৰা তথ্য অনুসৰি সমগ্র উত্তৰ–পূর্বাঞ্চলৰ ভিতৰত অসমতহে এনে নলীয়া কটাৰী ব্যৱহাৰৰ উদাহৰণ আছে, যাৰবাবে এই কটাৰীখন অসম আৰু অসমীয়াৰ অন্যতম পৰিচয় ৷ আনহে নালাগে অসমীয়া সমাজে কাজ–কর্মৰ শেষত গুৰু–গোসাঁইক সাজ–কাপোৰৰ লগতে এখন নলীয়া কটাৰী প্রদান কৰে ৷ অসমীয়া সমাজত পৰিয়ালৰ এজনৰ মৃত্যুত বৰতীয়া পালন কৰাজনে সকলো সময়ত এখন নলীয়া কটাৰী লগত ৰাখে ৷ এনে অৱস্থাত অসমীয়াৰ পৰিচয়স্বৰূপ এখন নলীয়া কটাৰী জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্রিয়াক উপহাৰ স্বৰূপে প্রদান কৰি কি ভুল কৰিলে সেই লৈ উৱাদিহ বিচাৰি পোৱা নাই সাংস্কৃতিক বিষয়াগৰাকীয়ে ৷ উল্লেখ্য যে জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্রিয়াৰ অভিযোগ লাভ কৰি শিৱসাগৰ আৰক্ষীয়ে সাংস্কৃতিক বিষয়াগৰাকীক সোধা–পোছা কৰাৰ লগতে সাংস্কৃতিক পৰিক্রমা বিভাগৰ পৰাও বিষয়াগৰাকীক স্পষ্টীকৰণ প্রদান কৰিবলৈ কোৱা হৈছে ৷ যি সময়ত এইগৰাকী সাংস্কৃতিক বিষয়াৰ তত্ত্বাৱধানত সৌ–সিদিনা যোৰহাটত অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক এখন হেংদাং প্রদান কৰা হৈছিল, সেই সময়ত এখন পাঁচ ইঞ্চিৰ নলীয়া কটাৰী জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্রিয়াক উপহাৰ স্বৰূপে প্রদান কৰাক লৈ এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে৷ তেনেস্থলত আগন্তুক দিনত জিলা প্রশাসনৰ বৰমূৰীয়া হিচাপে জিলা উপায়ুক্তগৰাকীক অসমীয়াৰ আদৰৰ গামোচাখন ডপহাৰ হিচাপে আগবঢ়াবলৈ গৈ আকৌ কোনোবা আইনৰ জটিল মেৰপেঁচত সোমাই পৰিব নেকি তাক লৈও ৰাইজৰ মাজত ব্যাপক চর্চা আৰম্ভ হৈছে ৷

You might also like