নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐতিহাসিকঃ সমাধানৰ পথত অসম আৰু মেঘালয়ৰ সীমা বিবাদ; স্বাক্ষৰিত হ’ল চুক্তি

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ অসম আৰু মেঘালয় চৰকাৰে মঙলবাৰে ৰাজধানী দিল্লীত স্বাক্ষৰিত কৰে ৰাজ্য দুখনৰ মাজত বহু দশক ধৰি অমীমাংসিত হৈ থকা সীমা সমস্যা সমাধানৰ বাবে এক বিশেষ চুক্তি।

 

গৃহ মন্ত্ৰালয়ৰ কাৰ্যালয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীদ্বয়ে এই চুক্তি স্বাক্ষৰ কৰে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই দুয়োখন ৰাজ্যৰ মুখ্য সচিবৰ লগতে এই ৰাজ্যসমূহৰ অন্যান্য বিষয়া আৰু গৃহ মন্ত্ৰালয়ৰ বিষয়াসকলৰ উপস্থিতিত এই চুক্তিত স্বাক্ষৰ কৰে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী দুগৰাকীয়ে ৩১ জানুৱাৰীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ হাতত মন্ত্ৰণালয়ৰ পৰীক্ষা আৰু বিবেচনাৰ বাবে এখন খচৰা প্ৰস্তাৱো দাখিল কৰিছিল ৷ অসম আৰু মেঘালয় চৰকাৰে ৮৮৪ কিলোমিটাৰ সীমাৰ ১২ টা ‘বিবদমান এলেকা’ৰ ভিতৰত ছটা এলেকাত দুয়ো ৰাজ্যৰ মাজত থকা সীমা বিবাদ সমাধানৰ বাবে এখন খচৰা প্ৰস্তাৱ আনিছিল ।

You might also like