নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ অকল জৱাহৰলাল নেহৰুৱে নহয়, দেশৰ সকলো প্রধানমন্ত্রীৰ কামক স্বীকৃতি দিব বিচাৰে মোদী চৰকাৰে৷ সেই উদ্দেশ্যে নেহৰু মিউজিয়ামৰ কাষতে নির্মাণ কৰিবলৈ লোৱা হৈছে পিএম মিউজিয়াম৷ আগন্তুক ১৪ এপ্রিলত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এই মিউজিয়াম বা সংগ্রহালয়টো উদ্বোধন কৰিব৷ মঙলবাৰে বিজেপি সাংসদসকলৰে হোৱা বৈঠকত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উল্লেখ কৰে যে এন ডি এ চৰকাৰে সকলো প্রাক্তন প্রধানমন্ত্রীৰ কামক স্বীকৃতি দি আহিছে আৰু দি থাকিব৷ ১৪গৰাকী প্রাক্তন প্রধানমন্ত্রী সম্পর্কে সকলো তথ্য থাকিব ‘প্রধানমন্ত্রী সংগ্রহালয়’ত৷ এই সংগ্রহালয় পৰিদর্শন কৰাৰ বাবে সকলো বিজেপি সাংসদকে অনুৰোধ জনায় প্রধানমন্ত্রী মোদীয়ে৷
১৪ এপ্রিল হৈছে বি আৰ আম্বেদকাৰৰ জন্মদিন৷ সেইদিনাখনেই এই সংগ্রহালয়ৰ কাষতে আম্বেদকাৰক লৈও এটি সংগ্রহালয় গঢ়ি তুলিব মোদী চৰকাৰে৷ সেইদিনাখন আম্বেদকাৰ সংগ্রহালয়লৈ যোৱাৰ বাবেও সাংসদসকলক অনুৰোধ জনাইছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ স্মর্তব্য যে দেশৰ প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৰ জীৱন, আৰু অৱদান সম্পর্কত নেহৰুৰ বাসভৱনতে এক সংগ্রহালয় আছে৷