দেশৰ সবাতোকৈ মূল্যৱান চেলিব্রিটী বিৰাট কোহলি
নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ টীম ইণ্ডিয়াৰ লগতে ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ নেতৃত্ব ত্যাগ কৰিলেও তাৰকা বেটছমেন বিৰাট কোহলিৰ ব্রেণ্ড ভেল্যু হ্রাস পোৱা নাই৷ শেহতীয়া এক সমীক্ষা অনুসৰি তাৰকাগৰাকীৰ ব্রেণ্ড ভেল্যু ১৪১২ কোটিলৈ বৃদ্ধি পাইছে৷ বলীউডৰ জনপ্রিয় অভিনেতা ৰণবীৰ সিং, অক্ষয় কুমাৰ, অভিনেত্রী আলিয়া ভাট, ভাৰতৰ প্রাক্তন অধিনায়ক এম এছ ধোনী, বিগ বি অমিতাভ বচ্চন আদিৰ দৰে চেলিব্রিটীক চেৰ পেলাই কোহলি দেশৰ সবাতোকৈ মূল্যৱান চেলিব্রিটী হিচাপে চিহ্ণিত হৈছে৷ ‘ডাফ এণ্ড ফেল্পছ চেলিব্রিটী ব্রেণ্ড ভেলুৱেচন ষ্টাডী ২০২১’ৰ সমীক্ষা অনুসৰি ৰণবীৰ সিঙে ১,২০২ কোটি টকাৰ ব্রেণ্ড ভেল্যুৰে দেশৰ সবাতোকৈ মূল্যৱান চেলিব্রিটীৰ তালিকাত দ্বিতীয় স্থানত আছে৷ একেদৰে অক্ষয় কুমাৰে ১০৬০ কোটি, আলিয়া ভাটে ৫১৭ কোটি, ধোনীয়ে ৪৬৪ কোটি, অমিতাভ বচ্চনে ৪১১ কোটি, দীপিকা পাডুকনে ৩৯২ কোটি, ছলমান খানে ৩৯২ কোটি, আয়ুষ্মান খুৰানাই ৩৭৪ কোটি আৰু ঋত্বিক ৰোশনে ৩৬৮ কোটিৰ ব্রেণ্ড ভেল্যুৰে তালিকাৰ শীর্ষ ১০ৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ এই তালিকাৰ একাদশ আৰু ত্রয়োদশ স্থানত আছে প্রাক্তন ক্রিকেটাৰ শচীন তেণ্ডুলকাৰ আৰু টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মা৷ মন কৰিবলগীয়া যে বিগত বর্ষৰ শেষৰ ফালে টীম ইণ্ডিয়াৰ তাৰকা বিৰাট কোহলিয়ে ভাৰতীয় টি–২০ দলৰ নেতৃত্ব ত্যাগ কৰিছিল৷ ইয়াৰ পিছতে বি চি চি আয়ে তেওঁক এদিনীয়া দলৰ অধিনায়ক পদৰ পৰা অপসাৰিত কৰে৷ ইয়াক লৈ ব’ডৰে সংঘাতত লিপ্ত হৈ কোহলিয়ে জানুৱাৰীত দক্ষিণ আফ্রিকা ভ্রমণৰ সময়ত ভাৰতীয় টেষ্ট দলৰো নেতৃত্ব ত্যাগৰ সিদ্ধান্ত লয়৷