নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়াৱহ আর্থিক সংকটত জর্জৰিত শ্রীলংকা

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ তীব্র অর্থনৈতিক সংকটৰ গ্রাসত পৰিছে শ্রীলংকা৷ দেশখনত ইন্ধনৰ অভাৱনীয় সংকটে দেখা দিছে৷ কাগজৰ অভাৱত শিক্ষানুষ্ঠানবোৰত বন্ধ হৈ পৰিছে পৰীক্ষা৷ সেইদৰে বন্ধ হৈছে বহু সংবাদপত্রৰ প্রকাশ৷ খৰচ হ্রাস কৰিবলৈ দৈনিক অন্ততঃ দহ ঘণ্টাকৈ বিদ্যুৎ কর্তন কৰা হৈছে৷ ইয়াৰ প্রতিবাদত এইবাৰ ৰাজপথত নামিছে সাধাৰণ মানুহ৷ কালি সন্ধিয়াৰ পৰা কলম্বোৰ ৰাজপথত ৰাষ্ট্রপতি ভৱনৰ সন্মুখৰ পৰা হাজাৰ হাজাৰ লোকে বিক্ষোভ কার্যসূচী উলিয়ায়৷ এই বিক্ষোভৰ সময়ছোৱাতে আৰক্ষী আৰু জনতাৰ সংঘর্ষত পৰিস্থিতি অগ্ণিগর্ভ হৈ পৰে৷ প্রতিবাদী লোকসকলে অগ্ণিসংযোগ কৰে এখন বাছ, এখন জীপ আৰু কেইবাখনো মটৰচাইকেলত৷ আৰক্ষীয়ে এই ঘটনাত জড়িত ৪৫জন লোকক গ্রেপ্তাৰ কৰিছে৷ বিক্ষোভকাৰীসকলে ৰাষ্ট্রপতি গোটাবায়া ৰাজাপাকছেৰ পদত্যাগ দাবী কৰিছে৷ লক্ষণীয়ভাৱে দুর্দশাগ্রস্ত দেশখনত অত্যাৱশ্যকীয় সামগ্রীৰ মূল্য আকাশলংঘী হৈছে৷

You might also like