নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱস বুলিলেই আমি সততে দেখিবলৈ পাঁও পতাকা বিক্ৰী কৰা কিছুমান দোকান অথবা চৰকাৰী প্ৰতিষ্ঠান । আজি আমি আপোনাক জনাব বিচাৰিছো এনে এজন ব্যক্তিৰ কথা যি জন ব্যক্তিয়ে বিগত দুটা দশকে দেশৰ ৰাষ্ট্ৰীয় পতাকা তৈয়াৰৰ জৰিয়তেই চিনাকি হৈ পৰিছে এটা অঞ্চলত । মানুহজনৰ নাম পিয়াৰ আলী । বৰপেটা জিলাৰ কলগাছিয়াৰ পিয়াৰ আলী নামৰ এইজন দৰ্জীয়ে নিজ হাতেৰে প্ৰস্তুত কৰা পতাকাক লৈ সদায়ে গৌৰৱ অনুভৱ কৰে ।
পেছাত এজন দৰ্জী পিয়াৰ আলীয়ে জাতীয় পতাকাৰ প্ৰতি থকা সন্মান আৰু শ্ৰদ্ধা স্বৰূপেই বিগত বিশটা বছৰে এইদৰে গণতন্ত্ৰ দিৱস আৰু স্বাধীনতা দিৱসত নিৰ্মাণ কৰি উলিয়াই অসংখ্য পতাকা । জীৱনৰ প্ৰথম অৱস্থাত দুই চাৰিখন পতাকা চিলাই কৰি বিক্ৰী কৰিছিল পিয়াৰ আলীয়ে । তাৰ পাচৰে পৰা স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস আহিলেই পতাকা প্ৰস্তুতৰ প্ৰতি অত্যন্ত আগ্ৰহী হৈ পৰে এইগৰাকী দৰ্জী । বৃহত্তৰ কলগাছিয়াৰ লগতে বৰভিটা, ময়নবৰী, জয়পুৰ, তাৰাকান্দি, বাঘবৰ আদি অঞ্চললৈ যায় পিয়াৰ আলীয়ে প্ৰস্তুত কৰা জাতীয় পতাকা । ১৫০ টকাৰ পৰা ২৫০ টকালৈ বিক্ৰী কৰি অহা পতাকা সমূহ ক্ৰয় কৰিবলৈ প্ৰতিবছৰেই গ্ৰাহকে ভিৰ কৰে পিয়াৰ আলীৰ ওচৰত ।