নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ পৰা ‘ৰং’ত হীৰামণি শর্মাৰ ব্যতিক্রমী অনুষ্ঠান ‘প্রবাসত অসমীয়া জুতি’

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ প্রথমবাৰৰ বাবে অসমৰ সর্বাধিক জনপ্রিয় মনোৰঞ্জনধর্মী চেনেল ‘ৰং’–এ দর্শকৰ বাবে আগবঢ়াব বিচাৰিছে এক সুকীয়া অনুষ্ঠান– ‘প্রবাসত অসমীয়া জুতি’৷ অসমৰ বিভিন্ন ঠাইৰ পৰা ইংলেণ্ডলৈ গৈ বিভিন্ন ধৰণে নিজকে আগুৱাই নি প্রতিষ্ঠিত হোৱা এচাম অসম সন্তানে বাৰু অসমৰ শিপাডাল খামুচি আছেনে? অসমৰ পৰম্পৰা, ভাষা–সংস্কৃতি, খাদ্যাভাসে বাৰু কেনেকৈ তেওঁলোকৰ জীৱন আৱৰি ৰাখিছে, এনে বহু কথা জানিবলৈ নিশ্চয় আমাৰ সকলোৰে মন যায় নহয় জানো? কিন্তু বিশেষ চিন্তা কৰিব নালাগে, কাৰণ অসমৰ সুযোগ্য জীয়ৰী লণ্ডনস্থিত হীৰামণি শর্মাই কর্মব্যস্ততাৰ মাজতো আপোনালোকৰ বাবে প্রস্তুত কৰি উলিয়াইছে তেনে এটি অনুষ্ঠান আৰু সেয়াই হ’ল ‘প্রবাসত অসমীয়া জুতি’৷

সম্প্রতি এটা ব্রিটিছ কোম্পানীৰ মার্কেটিং বিভাগৰ মুৰব্বী হীৰামণিয়ে এই অনুষ্ঠানৰ জৰিয়তে বহু অসম সন্তানক আমাৰ মাজলৈ লৈ আনিব৷ লণ্ডনত অসমক মনত পেলোৱা, অসমক প্রচাৰ কৰা, তেওঁলোকে প্রতিনিয়ত জীৱন সংগ্রামৰ মাজত বা জীৱনৰ জয়গানৰ মাজত কেনেকৈ জন্মভূমিৰ শিপাডাল খামুচি আছে, এই সকলোবোৰৰেই প্রতিফলন হ’ব ‘প্রবাসত অসমীয়া জুতি’ত৷

প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ অন্যতম নিবেদন এই অনুষ্ঠানত হীৰামণিয়ে প্রতিটো খণ্ডতে এটা অসমীয়া পৰিয়াললৈ দর্শকক লৈ যাব, তেওঁলোকে ক’ব অসমৰ বিভিন্ন কথা, বিভিন্ন স্মৃতি৷ ‘কলফুলৰ ভাজিৰ পৰা অসমৰ সকলো থলুৱা শাক, খাৰৰ আঞ্জা, তিলৰ সৈতে মাংস, মচন্দৰী পিটিকা, আলু পিটিকা আদিয়ে কেনেকৈ লণ্ডনস্থিত অসমীয়াসকলৰ পাকঘৰত শুৱনি কৰিছে, প্রবাসত থাকি কেনেকৈ নিজস্ব খাদ্যৰে নিজকে চিনাকি দিছে, সেই সকলো থাকিব এই অনুষ্ঠানত৷ লগতে হীৰামণি শর্মাই অসমৰ দর্শকৰ বাবে লণ্ডনৰ বিভিন্ন ঐতিহ্য প্রসিদ্ধ ঠাই আৰু সেই ঠাইৰ ইতিহাস দেখুৱাব৷

হীৰামণি শর্মাই এজন প্রবাসী অসমীয়াই অসমীয়াসকলৰ বাবে এই অনুষ্ঠানটি উপহাৰ বুলি গণ্য কৰি সকলো দর্শককে আজিৰ পৰা প্রতি দেওবাৰে দিনৰ ১১ বজাত, সন্ধিয়া ৬ বজাত আৰু নিশা ১১ বজাত উপভোগ কৰিবলৈ অনুৰোধ জনায়৷ হীৰামণি শর্মাৰ লগতে ‘ৰং’ পৰিয়ালে অনুষ্ঠানটো মৰম আৰু সঁহাৰিৰে দর্শকে আঁকোৱালি ল’ব বুলি আশা কৰিছে৷

You might also like