লালমাটিত জব্দ কৰা ১৫ কেজি গাঞ্জা ৫০ হাজাৰত বিক্রী আৰক্ষীৰ
নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ মহানগৰ আৰক্ষীৰ বিৰুদ্ধে বিহাৰৰ এগৰাকী মহিলাক গুৱাহাটী মহানগৰীত দলবদ্ধভাৱে ধর্ষণ কৰাৰ ঘটনাক ডকাইতিৰ ৰূপ দিয়াৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ এই অভিযোগ উত্থাপিত হোৱাৰ পিছতে অসম আৰক্ষীৰ ভিতৰচ’ৰাত তীব্র জোকাৰণিৰ সৃষ্টি হৈছে৷ বিভিন্ন দল–সংগঠনৰ লগতে সচেতন লোকেও মহানগৰ আৰক্ষীৰ কাণ্ডক তীব্র ভাষাৰে সমালোচনা কৰিছে৷
লক্ষণীয় যে ৰাজ্যজুৰি অসম আৰক্ষীয়ে ড্রাগ্ছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই শ শ কোটি টকাৰ ড্রাগ্ছসহ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ কিন্তু অসম আৰক্ষীত কর্মৰত একাংশ অসাধু আৰক্ষীয়ে ড্রাগ্ছ ব্যৱসায়ীৰে গোপন বুজাবুজি কৰি ড্রাগ্ছৰ বেহা অব্যাহত ৰাখিছে৷
শেহতীয়াকৈ মহানগৰ আৰক্ষীত কর্মৰত কেইজনমান অসাধু আৰক্ষীয়ে ড্রাগ্ছ ব্যৱসায়ীৰ সৈতে মিলি গুৱাহাটীত ড্রাগ্ছৰ বেহা চলাই থকাৰ অভিযোগ উত্থাপন হৈছে৷ ৪ দিন পূর্বে লালমাটিত জব্দ কৰা ১৫ কিলোগ্রাম গাঞ্জা এইকেইজন অসাধু আৰক্ষীয়ে মাঝাৰৰ চালাম নামৰ এজন ব্যৱসায়ীক ৫০ হাজাৰ টকাত বিক্রী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ প্রথম কিস্তিত ২৫ হাজাৰ টকা আদায় লৈ মাঝাৰৰ চালামৰ পৰা অনাদায় ২৫ হাজাৰ টকা আদায় কৰে মহানগৰ আৰক্ষীত কর্মৰত আলী আৰু বড়ো উপাধিৰ দুজন কনিষ্টবলে৷ আনোৱাৰ উপাধিৰ মধ্যস্থতাকাৰীজনৰ জৰিয়তে এই ধনৰাশি আদায় লয় অসাধু ২ আৰক্ষী কনিষ্টবলে৷ মহানগৰ আৰক্ষীয়ে ড্রাগ্ছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰখাৰ সময়তে গাঞ্জা জব্দ কৰি আৰক্ষী কনিষ্টবলে ব্যৱসায়ীক বিক্রী কৰাক লৈ সর্বত্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷