প্ৰতিভাৱান লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ কাষত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত-বিধায়ক ৰূপক শৰ্মা
নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ নগাঁৱৰ ফুলগুৰিৰ প্ৰতিভাৱান লেখিকা তথা এছ এম এ নামৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা শৰ্মিষ্ঠা প্ৰীতম বৰুৱাৰ বাসগৃহত মঙলবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু বিধায়ক ৰূপক শৰ্মা উপস্থিত হয় । বিয়লি মন্ত্ৰী মহন্ত আৰু বিধায়ক শৰ্মা শৰ্মিষ্ঠাৰ ঘৰত উপস্থিত হৈ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ পৰা শৰ্মিষ্ঠাক কিদৰে চিকিৎসা প্ৰদান বাবে সহায় কৰিব পাৰে তাৰ বাবে চিন্তা-চৰ্চা কৰা বুলি সদৰী কৰে ৷ লগতে শৰ্মিষ্ঠাৰ চিকিৎসাৰ বাবে ৰাইজৰ সহায়-সহযোগ বিচাৰি প্ৰকাশ কৰা এখন প্ৰচাৰ পত্ৰও মুকলি কৰে মন্ত্ৰী কেশৱ মহন্ত আৰু বিধায়ক ৰূপক শৰ্মাই । পাঁচ বছৰ বয়সতে দুৰাৰোগ্য এছ এম এ ৰোগত আক্ৰান্ত হৈ খোজ কাঢ়িব নোৱাৰা হোৱা শৰ্মিষ্ঠাই পৰৱৰ্তী সময়ত হুইল চেয়াৰতে থাকি স্নাতক ডিগ্ৰীলৈকে অধ্যয়ন কৰি পৰবৰ্তী সময়ত সাহিত্য সৃষ্টিত মনোনিৱেশ কৰে। শৰ্মিষ্ঠাৰ কেইবাখনো গ্ৰন্থই ইতিমধ্যে পঢ়ুৱৈৰ সমাদৰ লাভ কৰিছে। বিগত ত্ৰিশ বছৰে বিছনা আৰু হুইল চেয়াৰতে জীৱন অতিবাহিত কৰা শৰ্মিষ্ঠাই শেহতীয়াকৈ এই ৰোগৰ ঔষধ ওলোৱাত সুস্থ হৈ উঠাৰ দুৰ্বাৰ হেপাহ দেখিছে ৷ কিন্তু ব্যয় বহুল চিকিৎসাৰ বাবে সমস্যাত পৰিছে শৰ্মিষ্ঠা ৷ জানিব পৰা মতে তিনি বছৰীয়া চিকিৎসাৰ বাবে বছৰি প্ৰয়োজন ৭০ লাখ টকা ৷ তিনি বছৰত ব্যয় হব ২ কোটি ১০ লাখ টকা। পৰিয়ালে এই বৃহৎ পৰিমানৰ ধন ব্যয় কৰিবলৈ সক্ষম নহয় ৷ ব্যয় বহন কৰিব সক্ষম নোহোৱাৰ বাবে চৰকাৰৰ লগতে সামাজিক মাধ্যমযোগে ৰাইজৰ সহায় বিচাৰিছিল শৰ্মিষ্ঠাৰ লগতে অনুগামীয়ে । বিভিন্ন লোকে আহ্বানৰ প্ৰতি সহাৰি জনাই প্ৰায় ২৫ লাখ টকাও সাহায্য আগবঢ়াইছে৷ সেয়ে চৰকাৰী ভাবে আৰ্থিক সকাহ পালে শৰ্মিষ্ঠা সম্পূৰ্ণ সুস্থ হৈ উঠাটো নিশ্চিত ৷ ইয়াৰ মাজতে চৰকাৰৰ ওচৰত আবেদন জনোৱাৰ প্ৰতি সঁহাৰি জনাই স্বাস্থ্যমন্ত্ৰী খোদ ফুলগুৰিত উপস্থিত হোৱাত আনন্দিত কৰিছে ৷
প্ৰেৰক কনক হাজৰিকা