নর্থ ইষ্টাৰ্ন পুলিচ একাডেমীত প্রশিক্ষণ সমাপ্ত কৰা কেডেট উপ–পৰিদর্শকৰ বাবে অনুষ্ঠিত পাছিং আউট পেৰেডত মুখ্য অতিথি হিচাপে অংশগ্রহণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
নিয়মীয়া বাৰ্তা, ৬ এপ্রিলঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি মেঘালয়ৰ উমিয়ামস্থিত নর্থ ইষ্টাৰ্ন পুলিচ একাডেমীত প্রশিক্ষণ সমাপ্ত কৰা ৫৭৮গৰাকী কেডেট উপ–পৰিদর্শকৰ বাবে অনুষ্ঠিত পাছিং আউট পেৰেডত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰাৰ লগতে এই পাছিং আউট পেৰেডত বিভিন্ন দিশত বিশেষ পাৰদর্শিতা প্রদর্শন কৰা কেডেটসকলক পদক আৰু বঁটা প্রদান কৰে৷ উল্লেখযোগ্য যে বিগত বর্ষৰ ১৯ এপ্রিল তাৰিখে আৰম্ভ হোৱা ৫৭৮গৰাকী কেডেট উপ–পৰিদর্শকৰ এহ ৫০ তম বুনিয়াদী পাঠ্যক্রমৰ প্রশিক্ষণ নেপাৰ হতিহাসত প্রতিষ্ঠাকালৰে পৰা আজিলৈ প্রদান কৰা সর্ববৃহৎ গোটৰ প্রশিক্ষণ৷ এই উপলক্ষে প্রদান কৰা ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই আৰক্ষী সেৱা সাহস, ত্যাগ আৰু সমর্পণৰ প্রতীক বুলি মন্তব্য কৰি সর্বসাধাৰণ জনতাৰ সমস্যাৰ প্রতি সহানভূতিশীল আৰু সংবেদনশীল হবলৈ ৰাজ্যিক আৰক্ষী বাহিনীৰ সদস্য হবলৈ আগবঢ়া আৰক্ষী বিষয়াসকলক আহ্বান জনায়৷ তেওঁ কয় যে সমাজ, চৰকাৰ আৰু পৰিয়ালে তেওঁলোকৰ পৰা যিবোৰ প্রত্যশা কৰিছে সেইসমূহ পূৰণ কৰিবলৈ পেছাদাৰী উৎকর্ষতা আৰু সততাৰ সর্বোচ্ছমান তেওঁলোকে বজাই ৰাখিব লাগিব৷ নিজৰ দায়িত্ব পালন কৰিবলৈ যোৱাৰ সময়ত তেওঁলোকে অসংখ্য প্রত্যাহ্বান আৰু বাধাৰ সন্মুখীন হব, কিন্তু এই সকলোবোৰৰ মাজত তেওঁলোকৰ সাহস, দৃতা, নিষ্ঠা, সততা আৰু দায়বদ্ধতা হিমালয় সদৃশ হৈ থিয় হৈ থাকিব লাগিব৷ মুখ্যমন্ত্রীয়ে কয় যে থানাসমূহক আমি এনে এক স্থানলৈ ৰূপান্তৰ কৰিব লাগিব যত এগৰাকী মহিলাই নিশা ২ বজাতো কোনো ভয় আৰু সংকোচ নোহোৱাকৈ আহিব পাৰে৷ এনে পৰিৱেশ যিদিনাখন আহিব সিদিনাখনে অসম আৰক্ষীৰ মূল মন্ত্র জনহিত জনসেৱার্থে প্রকৃতার্থত ৰূপায়িত হব৷ এই উদ্দেশ্য আগত ৰাখি উপস্থিত সকলোকে নিজ কর্তব্যৰ পথত আগুৱাই যাবলৈ মুখ্যমন্ত্রীয়ে আহ্বান জনায়৷ আৰক্ষী সদায় সর্বসাধাৰণ নাগৰিকৰ পক্ষত থিয় দিব লাগিব বুলি মন্তব্য কৰি তেওঁ কয় যে ৰাজ্যৰ প্রশাসন ব্যৱস্থাৰ অন্যতম শক্তিশালী অংগ হিচাপে চৰকাৰৰ দৃষ্টিভংগী আৰু উন্নয়নৰ ধাৰা আগুৱাই নিয়াৰ ক্ষেত্রত আৰক্ষী বাহিনীৰ গধূৰ দায়িত্ব আছে৷ অসম আৰক্ষীয়ে অপৰাধমুক্ত, ড্রাগ্ছমুক্ত অসম গগাৰ বাবে ৰাজ্য চৰকাৰৰ প্রতিশ্রুতি পূৰণ কৰাত বিগত ১১ মাহে নিৰৱচ্ছিন্নভাৱে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখি সময়ৰ কষতিশিলত উত্তীর্ণ হব পাৰিছে৷ এই মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰি অসম আৰক্ষীয়ে সমাজলৈ স্পষ্ট বার্তা প্রেৰণ কৰিছে যে সভ্য দেশত সমাজক অস্থিৰ কৰা আৰু উন্নয়নৰ গতি স্তব্ধ কৰা বিপথগামী শক্তিবোৰৰ কোনো স্থান নাই৷ মুখ্যমন্ত্রীয়ে কয় যে খাকী পোছাকৰ ভিতৰত থকা আৰক্ষী বিষয়াজন অপৰাধীৰ ক্ষেত্রত কঠোৰতকৈ কঠোৰ হওক কিন্তু একে সময়তে আবাল–বৃদ্ধ–দিব্যাংগ নাগৰিকৰ ক্ষেত্রত তেওঁ হওক কপাহতকৈ কোমল৷ নিজৰ দায়িত্ব সুচাৰুৰূপে পালনৰ জৰিয়তে সমাজৰ সংস্কাৰক হবলৈ পাছিং আউট পেৰেডত অংশগ্রহণ কৰা আৰক্ষী বিষয়াসকলক আহ্বান জনাই মুখ্যমন্ত্রীয়ে কয় যে সুশাসনৰ বাবে এক বিচক্ষণ আৰক্ষী বাহিনীৰ প্রয়োজন যিয়ে বিকাশক আগুৱাই নিয়াত গুৰুত্বপূর্ণ অনুঘটকৰ ভূমিকা পালন কৰে৷ এই কথা উপলব্ধি কৰি ৰাজ্য চৰকাৰে অপৰাধ নিয়ন্ত্রণ কৰাৰ বাবে শক্তিশালী আৰু কৌশলী ৰণনীতি প্রস্তুত কৰা আৰু সঠিক গৱেষণা আৰু অনুসন্ধানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ তেওঁ কয় যে আৰক্ষীক এক নতুন গতি প্রদান কৰিবলৈ আৰক্ষীৰ আধুনিকীকৰণতো ৰাজ্য চৰকাৰে সমানে গুৰুত্ব দিছে আৰু কামৰ বোজা হ্রাস কৰাৰ বাবে ৰাজ্যখনৰ সকলো আৰক্ষী থানাত দুটা শ্বিফ্টত কাম কৰাৰ বাবে প্রয়োজনীয় ব্যৱস্থা গঢ়ি তুলিবলৈ পৰিকল্পনা কৰা হৈছে৷ অসম আৰক্ষী প্রশিক্ষণ মহাবিদ্যালয়খনক বিশ্বমানৰ আৰক্ষী একাডেমীলৈ উন্নীত কৰাৰ বাবেও এক প্রকল্প ৰূপায়ণ কৰি থকা হৈছে বুলিও মন্তব্য কৰি তেওঁ কয় যে অসম আৰক্ষীত শীঘ্রে ১৬ হাজাৰ যুৱক–যুৱতীক নিযুক্তি প্রদানৰ বাবে চৰকাৰে যাৱতীয় প্রস্তুতি চলাইছে৷ ভাষণ প্রসংগত তেওঁ দেশৰ প্রথমগৰাকী উপ–প্রধানমন্ত্রী তথা গৃহ মন্ত্রী চর্দাৰ বল্লভভাই পেটেলৰ মন্তব্যৰ উদ্ধৃতিৰে কয় যে কেৱল অপৰাধ চিনাক্ত কৰা আৰু অপৰাধীসকলক কৰায়ত্ত কৰাই আৰক্ষীৰ বাবে যথেষ্ট নহয়, আৰক্ষীয়ে মানুহৰ মৰম জিনিবলৈও চেষ্টা কৰিব লাগিব৷ নর্থ ইষ্টার্ণ পুলিচ একাডেমীত ৫০ সপ্তাহৰ কঠোৰ প্রশিক্ষণ লাভ কৰা ৫৭৮ গৰাকী উপ–পৰিদর্শকক তেওঁলোকৰ অনাগত কর্মজীৱনলৈ শুভেচ্ছা জ্ঞাপন কৰি কর্তব্য পথৰ অন্তিম দিনটোলৈকে নিষ্ঠাসহকাৰে কর্মত ব্রতী হোৱাৰ লগতে নিজ স্বাস্থ্যৰো যত্ন লবলৈ মুখ্যমন্ত্রীয়ে আহ্বান জনায়৷ ইয়াৰ পূর্বে নষ্ট ইষ্টার্ণ পুলিচ একাডেমীৰ সঞ্চালক দীপক কুমাৰে কেডেটসকলক শপত বাক্য পাঠ কৰোৱায়৷ প্রশিক্ষণ সমাপ্ত কৰা উপ–পৰিদর্শকসকলে অনুষ্ঠানত মার্চপাষ্টো প্রদর্শন কৰে৷ অনুষ্ঠানত অসম আৰক্ষীৰ সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তকে ধৰি শীর্ষ আৰক্ষী বিষয়াসকল উপস্থিত থাকে৷