ৰাজ্য চৰকাৰে প্রৱর্তন কৰা স্নেহস্পর্শ আঁচনিৰ সুবিধা গ্রহণৰ বাবে আগবাঢ়ি আহিবলৈ দিব্যাংগ শিশুসকলৰ অভিভাৱকসকলক আহ্বান মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
নিয়মীয়া বাৰ্তা, ৭ এপ্রিলঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি স্পেচিয়েল অলিম্পিক ভাৰতে গুৱাহাটীৰ সৰুসজাই ক্রীডা প্রকল্পত আয়োজন কৰা বিশেষভাৱে সক্ষম এথলীটসকলৰ স্বাস্থ্য পৰীক্ষা শিৱিৰত অংশগ্রহণ কৰে৷ উল্লেখ্য যে স্পেচিয়েল অলিম্পিক ভাৰতৰ দ্বাৰা সমগ্র দেশত আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি গ্রহণ কৰা কার্যসূচীৰ জৰিয়তে দেশৰ ৭৫ খন চহৰত ৭৫০০০ গৰাকী বৌদ্ধিক দিশত বিশেষভাৱে সক্ষম ক্রীড়াবিদৰ দন্ত পৰীক্ষা আৰু স্বাস্থ্য সম্বন্ধীয় দিহা–পৰামর্শ আগবঢ়োৱাৰ লগতে স্বাস্থ্য পৰীক্ষা তথা কভিড টিকাকৰণৰ ব্যৱস্থা কৰা হৈছে৷ সমগ্র দেশৰ লগতে অসমতো স্পেচিয়েল অলিম্পিক ভাৰতে গুৱাহাটী আৰু যোৰহাটত এই অনুষ্ঠানৰ আয়োজন কৰিছে৷ এই উপলক্ষে প্রদান কৰা ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিশেষভাৱে সক্ষম শিশুসকলৰ মাজত অপাৰ সম্ভাৱনীয়তা লুকাই থাকে৷ এই শিশুসকলেও যাতে ৰাজ্যৰ মানৱ সম্পদৰ এক গুৰুত্বপূর্ণ অংশ হিচাপে সমাজলৈ অৰিহণা আগবঢ়াব পাৰে সেই উদ্দেশ্যে ৰাজ্য চৰকাৰে তেওঁলোকৰ সৱলীকৰণৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে৷ তেওঁ কয় যে ৰাজ্য চৰকাৰে দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিৰ অধীনত ১ লাখতকৈও অধিক দিব্যাংগ ব্যক্তিলৈ প্রতিমাহে ১ হাজাৰ টকাকৈ প্রদান কৰি আহিছে৷ তেনেদৰে, দীনদয়াল দিব্যাংগ পুনঃসংস্থাপন আঁচনিৰ জৰিয়তে বহুতো দিব্যাংগ ব্যক্তি উপকৃত হৈছে৷ তদুপৰি, ১ লাখ ১২ হাজাৰখন বিশেষ পৰিচয় পত্র বিশেষভাৱে সক্ষম ব্যক্তিসকলক প্রদান কৰা হৈছে বুলিও তেওঁ কয়৷ অনুষ্ঠানত মুখ্যমন্ত্রীয়ে শ্রৱণৰ অসুবিধাত ভোগা ৬ বছৰৰ তলৰ বিশেষভাৱে সক্ষম শিশুসকলৰ বাবে ৰাজ্য চৰকাৰে প্রৱর্তন কৰা স্নেহস্পর্শ শীর্ষক বিশেষ আঁচনিখনৰ সুবিধা গ্রহণৰ বাবে আগবাঢ়ি আহিবলৈ তেনে শিশুসকলৰ অভিভাৱকসকলক আহ্বান জনায়৷ তেওঁ কয় যে এই আঁচনিখনৰ অধীনত বিনামূলীয়াকৈ শ্রৱণ যন্ত্র সংস্থাপন কৰাৰ ব্যৱস্থা আছে আৰু এনে যন্ত্র সংস্থাপনৰ দ্বাৰা শ্রৱণৰ অসুবিধাত ভোগা শিশুসকলে স্বাভাৱিক জীৱন নির্বাহ কৰিব পাৰে৷ মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশৰ শাসনভাৰ হাতত লৈ বিশেষভাৱে সক্ষম লোকসকলক দিব্যাংগ হিচাপে অভিহিত কৰি তেওঁলোকক এক নতুন পৰিচয় দিছিল৷ দিব্যাংগ লোকসকল আমাৰ সমাজৰ অভিন্ন অংগ আৰু কোনো ক্ষেত্রতে তেওঁলোক সমাজৰ আন ব্যক্তিতকৈ দুর্বল নহয়৷ ৰাজ্যৰ সর্বাংগীন বিকাশৰ বাবে অসম চৰকাৰে গ্রহণ কৰা লক্ষ্য আৰু উদ্দেশ্য পূৰণত দিব্যাংগসকলো এক অপৰিহার্য অংগ বুলিও তেওঁ কয়৷ অনুষ্ঠানত মুখ্যমন্ত্রীয়ে মন্তব্য কৰে যে ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু সমাজ কল্যাণ বিভাগৰ সহযোগিতাত স্পেচিয়েল অলিম্পিক ভাৰতে দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূর্তি উপলক্ষে আয়োজন কৰা বিশেষভাৱে সক্ষম এথলীটসকলৰ স্বাস্থ্য পৰীক্ষাৰ এই শিৱিৰত অপাৰ সম্ভাৱনীয়তাৰে পূর্ণ এই লোকসকলৰ সৈতে কিছু সময় কটোৱাৰ সুযোগ পাই তেওঁ অতিশয় আনন্দিত হৈছে৷ তেওঁ লগতে কয় যে দিব্যাংগ শিল্পী সুধা চন্দ্রন, সংগীতজ্ঞ ৰবীন্দ্র জৈন, পর্বতাৰোহী অৰুনিমা সিনহা, অলিম্পিক মেডেল প্রাপক ক্রীডাবিদ সুমিত এনটিল, অবানি লেখাৰা, ভবিনাবেন পেটেল, মনীষ নাৰৱাল, বিশিষ্ট সমাজকর্মী জাভেদ আবিদি আদিৰ দৰে অদম্য ইচ্ছা শক্তিৰ অধিকাৰী দিব্যাংগ ব্যক্তিসকলে আমাৰ সমাজ জীৱনক সদায় অনুপ্রাণিত কৰি আহিছে৷ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্রী ড০ শর্মাই পেৰা অলিম্পিককে ধৰি আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাত বিশেষ ফল প্রদর্শন কৰা বিশেষভাৱে সক্ষম এথলিটসকলক একোটাকৈ স্মাৰক প্রদান কৰে৷ অনুষ্ঠানত সমাজ কল্যাণ বিভাগৰ মন্ত্রী অজন্তা নেওগে ভাষণ প্রদান কৰি বিভাগীয় বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰে৷ আজিৰ এই অনুষ্ঠানত ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙকে ধৰি বহুগৰাকী গণ্য–মান্য ব্যক্তি উপস্থিত থাকে৷