বিশেষ বাৰ্তা, ৮ এপ্ৰিলঃ নাম ৰাচেল ইৰিন শ্বেলী। কিন্তু বলীউডত তেওঁ জনাজাত ‘গোৰী মেম’ নামেৰে। ‘লগান’ চিনেমাত গাওঁবাসীক ক্রিকেট খেলাত উৎসাহ যোগাইছিল। চিনেমাখনত তেওঁৰ চৰিত্রৰ নাম আছিল এলিজাবেথ ৰাচেল। ‘লগান’ত ইংৰাজৰ বিৰুদ্ধে ক্রিকেট মেচ খেলিছিল এখন কৃষিনির্ভৰশীল গাঁৱৰ গঞা ক্রিকেট টীমে। দলৰ কেপ্টেইন ভুৱন। চৰিত্রাভিনেতা আমিৰ খান। এলিজাবেথ আছিল ভুৱনৰ অনুৰাগী। গল্পৰ দ্বিতীয় নায়িকা। কিন্তু ‘লগান’ৰ পাছত ৰাচেলক আৰু কোনো বলীউডৰ চিনেমাত অভিনয় কৰা দেখা নাই।
লণ্ডনত ঘৰ ৰাচেলৰ। ২৪ বছৰ বয়সৰ পৰাই অভিনয় জীৱন আৰম্ভ। বলীউডত অহাৰ আগেয়ে বহুকেইখন ছবিত অভিনয় কৰিছিল ৰাচেলে। কিন্তু ৰাচেলক খ্যাতিৰ শীর্ষত উপনীত কৰাইছিল বলীউডেই। কাৰণ, অস্কাৰৰ বাবে মনোনীত হৈছিল লগান। আশুতোষ গোৱাৰিকৰৰ লগান ছবিত ৰাচেলৰ অভিনয় প্রশংসিত হৈছিল বিভিন্ন মহলত। কিন্তু তাৰ পাছত ৰাচেল বলীউডত নাথাকিলেনে নিজৰে আগ্রহৰ অভাৱ সেয়া স্পষ্ট নহয়।
এটি সংবাদ প্ৰতিষ্ঠানে জনোৱা মতে, ৰাচেল এতিয়া অভিনয় এৰি প্রযোজনাত মন দিছে। এতিয়া বয়স ৫২, কিন্তু ৰাচেলৰ চেহেৰা বিশেষ সলনি হোৱা নাই। ৰাচেল কেমেৰাৰ সম্মুখত ওলোৱা বন্ধ কৰিছে। তেওঁ এতিয়া ‘পডডিভা’ নামেৰে এটি পডকাষ্ট চলায়। লগতে ব্রিটেইনৰ এটি টিভি অনুষ্ঠানৰ প্রযোজনাৰ দায়িত্বতো আছে ৰাচেল। ৰূপান্তৰকামীৰ হৈ নিয়মিত প্রচাৰো চলায়।
তাৰ উপৰি এই সকলোৰ বাহিৰে বাকী সময় কটায় পৰিয়ালৰ সৈতে। লণ্ডনৰ নটিংহিলত সৰু ঘৰ। তাতেই থাকে স্বামী পৰিচালক-প্রযোজক মেথিউ পাৰখিল, জীয়ৰী ইডেন আৰু এটি পোহনীয়া কুকুৰ। এনেকৈয়ে এতিয়া আছে ভুৱনৰ ‘গোৰী মেম’ৰ ভুৱন জুৰায়।