সলনি হ’ব পাৰে এছিয়া কাপৰ স্থান!
নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিলঃ বিদ্যুৎ ৰাহি কৰিবলৈ বাট–পথৰ সকলোধৰণৰ বিদ্যুৎ যোগাযোগ ব্যাহত কৰি ৰখা হৈছে৷ বেছিভাগ সময় দেশখন লোডশ্বেডিঙৰ কবলত৷ ভাঙি পৰিছে দেশৰ অর্থনীতি৷ ডলাৰৰ অভাৱত বিদেশৰ পৰা কয়লা, পেট্র’লজাতীয় সামগ্রী আমদানি বন্ধ কৰি দিয়া হৈছে৷ কাগজৰ অভাৱত বন্ধ কৰা হৈছে পৰীক্ষা৷
শ্রীলংকাৰ ৰাষ্ট্রপতি গোতাবায়া ৰাজাপক্ষৰ বিৰুদ্ধে আৰম্ভ হৈছে গণবিক্ষোভ৷ দেশখনৰ এনে ভয়ংকৰ অৱস্থাই চিন্তিত কৰি তুলিছে এছিয়ান ক্রিকেট কাউঞ্চিলকো৷ চাৰি বছৰ ধৰি আয়োজন কৰিব পৰা হোৱা নাই এছিয়া কাপ৷
প্রায় এমাহ পূর্বে এছিয়ান ক্রিকেট কাউঞ্চিলে আসন্ন এছিয়া কাপৰ সূচী ঘোষণা কৰিছিল৷ সেই অনুসৰি ২৭ আগষ্টৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ৷ ফাইনেল ১১ ছেপ্টেম্বৰত৷ ২০ আগষ্টৰ পৰা অনুষ্ঠিত হ’ব প্রতিযোগিতাখনৰ যোগ্যতা নির্ণায়ক পর্ব৷ এইবাৰ এছিয়া কাপ আয়োজনৰ দায়িত্ব দিয়া হৈছে শ্রীলংকাক৷ কিন্তু দেশখনৰ বর্তমান যি ভয়ংকৰ পৰিস্থিতি, তালৈ লক্ষ্য কৰিলে প্রতিযোগিতাখন আয়োজনক লৈ সৃষ্টি হৈছে তীব্র সংশয়৷
অৱশ্যে এই পর্যন্ত শ্রীলংকাত প্রতিযোগিতাখন অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লোৱা হোৱা নাই৷ খবৰ অনুসৰি, এছিয়ান ক্রিকেট কাউঞ্চিলে আৰু কিছুদিন অপেক্ষা কৰিব বিচাৰিছে৷ কাৰণ প্রতিযোগিতাখনলৈ এতিয়াও চাৰি মাহ সময় বাকী আছে৷ এই ক্ষেত্রত অহা মাহত চূড়ান্ত সিদ্ধান্ত ল’ব কাউঞ্চিলে৷ ইয়াৰ মাজতে বিকল্প চিন্তা–চর্চাও আৰম্ভ হৈছে৷ বাংলাদেশে প্রতিযোগিতাখন আয়োজনৰ বাবে প্রবল আগ্রহ প্রকাশ কৰিছে৷ কিন্তু সেই সময়ত বাংলাদেশ আৰু ভাৰতত বৰষুণে বাধাৰ সৃষ্টি কৰাৰ সম্ভাৱনাই অধিক৷