পশ্চিমবংগত বিহুনৃত্য প্ৰদৰ্শন কৰি সন্মান লাভ বেদাংগনা কাশ্যপৰঃ ভোৰতাল নৃত্য প্ৰদৰ্শনেৰে গৌৰৱ অৰ্জন পাৰ্থপ্ৰতিম দাসৰ
বিশেষ বাৰ্তা, ১৭ এপ্ৰিলঃ পশ্চিমবংগত অনুষ্ঠিত এক অনুষ্ঠানত কালি বিহু নৃত্য প্রদর্শন কৰি নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী যুৱতীয়ে। নগাঁৱৰ কৰৈয়নীৰ মাজৰআটি গাঁৱৰ বেদাংগনা কাশ্যপ নামৰ যুৱতীগৰাকীয়ে কালি পশ্চিমবংগৰ বোলপুৰ শান্তি নিকতনৰ সৃজনী শিল্পগ্ৰামত অনুষ্ঠিত ৰবীন্দ্ৰ মহোৎসৱ ২০২২ত বিহু নৃত্য প্ৰদৰ্শন কৰে।তা থেই ডাঞ্চ একাডেমীৰ উদ্যোগত আৰু পূৱ মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰ আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত অনুষ্ঠিত এই মহোৎসৱত বেদাংগনা কাশ্যপে বিহু নৃত্য প্ৰদৰ্শন কৰাৰ লগতে তেওঁৰ প্ৰশিক্ষক পাৰ্থপ্ৰতিম দাসে ভোৰতাল নৃত্য আৰু সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰৰ গীতত নৃত্য প্ৰদৰ্শন কৰে।দুয়োগৰাকীকে মহোৎসৱ উদযাপন সমিতিয়ে ৰবীন্দ্ৰ সন্মানৰে সন্মানিত কৰে।নগঞা দুইগৰাকী নৃত্য শিল্পীৰ সফলতাত জিলাখনৰ শিল্পানুৰাগী ৰাইজ উৎফুল্লিত হৈ পৰিছে।প্ৰশিক্ষক তথা শিল্পী পাৰ্থপ্ৰতীম দাসৰ ঘৰ দক্ষিণপাটত।
প্ৰেৰক কনক হাজৰিকা