নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘পতঞ্জলি’ৰ আলু মিহলোৱা গৰুৰ ঘিউ

বিশেষ বাৰ্তা, বৰগাং, ১৯ এপ্ৰিলঃ সমগ্ৰ ভাৰততে যোগগুৰু ৰামদেৱৰ ‘পতঞ্জলি’ প্ৰতিষ্ঠানৰ উৎপাদিত সা-সামগ্ৰীসমূহৰ যে বিপুল চাহিদা আছে সেই কথা নুই কৰিব পৰা বিধৰ নহয়। কিন্তু এনে এক বৃহৎ বজাৰ দখল কৰি থকা ব্যৱসায়িক প্ৰতিষ্ঠান এটিয়ে যেতিয়া খাদ্য প্ৰস্তুতত জালিয়াতিৰ আশ্ৰয় লয় তেতিয়া ৰাইজৰ চকু কপালত উঠাৰে কথা হৈ পৰে। কালি বৰগাঙত তেনে এক অবাঞ্চিত ঘটনাই সকলোকে হতচকিত কৰি তুলিছে। এক তথ্য মতে বৰগাং মিলনপুৰৰ এখন বিবাহৰ নিয়ম পালনৰ অৰ্থে বিভিন্ন সা-সামগ্রীৰ লগতে পতঞ্জলিৰ ঘিউ অনা হৈছিল। পতঞ্জলিৰ ‘কাউজ ঘি’ নামৰ পেকেটতো যেতিয়া খোলা হয় সেই ঘিউৰ মাজত আলুৰ বাকলি আৱিষ্কাৰ হয়। গৃহস্থৰ সন্দেহ ওপজাত ভালকৈ পৰীক্ষা কৰাত উক্ত ঘি প্ৰস্তুত কৰাত আলু মিহলোৱা স্পষ্ট হৈ পৰে। উক্ত ঘি প্ৰস্তুত কৰোঁতে সিজোৱা আলু পিটিকা কৰি সুন্দৰকৈ মিলাই কিছু আচল গৰু ঘিউ চাৰিওফালে দি দিয়া আছে। এনে জালিয়াতি কাৰো হজম হোৱা নাই আৰু ইতিমধ্যে পতঞ্জলিৰ মূল প্ৰতিষ্ঠানত অৱগত কৰা হৈছে। অৱশ্যে এতিয়ালৈ কোনো সদুত্তৰ পোৱা নাই বুলি প্ৰকাশ। গ্ৰাহকৰ মতে ঠগ বাজিৰো এটা সীমা থকা উচিত আৰু ইয়াৰ উচিত তদন্ত হোৱাৰ দাবী উত্থাপন কৰিছে যাতে এনে আৰু কি কি উৎপাদিত সামগ্ৰীত জালিয়াতিৰ আশ্ৰয় লোৱা হৈছে পোহৰলৈ আহে।
You might also like