নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দলিত বৰ্গৰ কিশোৰক ভৰি চেলেকিব দিলে উচ্চ বৰ্ণৰ যুৱকে…

বিশেষ বাৰ্তা, ১৯ এপ্ৰিলঃ কোনে কয় দিন সলনি হৈছে, মানুহৰ চিন্তাধাৰাত পৰিৱৰ্তন আহিছে, জাত-পাতৰ বিভেদ সমাজৰ পৰা নোহোৱা হ’বলৈ লৈছে…? অন্ততঃ এই বাতৰি পঢ়াৰ পাছত তেনে এক প্ৰশ্নই সকলোৰে মনত উদয় হ’ব। ঘটনাটো উত্তৰপ্ৰদেশৰ ৰায়বেৰেলীৰ। নিম্ন দলিত বৰ্গৰ এটি কিশোৰক আঁঠু কাঢ়ি কানত ধৰায়ে নহয়, ভৰি চেলেকিবলৈও বাধ্য কৰালে উচ্চ বৰ্ণৰ যুৱকে। ২ মিনিটৰ এটি ভাইৰেল ভিডিঅ’ই অকনমানো মনুষ্যত্বৰ জ্ঞান থকা প্ৰতিজন মানুহক আচৰিত কৰি তুলিছে। বিধৱা মাকৰ একমাত্ৰ সন্তান দশম শ্ৰেণীত পঢ়া কিশোৰজনে মাকৰ কামৰ প্ৰাপ্য বিচাৰি গৈছিল। তাতেই উচ্চ বৰ্ণৰ কেইজনমান লোকৰ আগত অপদস্থ হৈছে। ভিডিঅ’ত দেখা গৈছে যে মটৰ চাইকেলত বহি থকা যুৱকজনৰ আগত কাণত ধৰি আঠুকাঢ়ি আছে কিশোৰজন। তাৰ পাছত ‘ঠাকুৰ’ বোলা যুৱকজনৰ ভৰি চেলেকিব দিয়া হৈছে। কাষত থকা কেইজনমানে হাঁহিছে, ঠাট্টা কৰিছে। আৰক্ষী সূত্ৰই জনোৱা মতে, ঘটনাটো ১০ এপ্ৰিলৰ। ঘটনাৰ লিখিত অভিযোগ পোৱাৰ পাছত আৰক্ষীয়ে অভিযুক্তকেইজনক আটক কৰিছে। কিন্তু ভিডিঅ’টো পাছতহে ভাইৰেল হৈছে।

You might also like