বিশেষ বাৰ্তা, ২১ এপ্ৰিলঃ তম্বাকু কোম্পানীৰ পণ্যৰ বিজ্ঞাপন কৰাৰ বাবে অৱশেষত ক্ষমা বিচাৰিলে বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে। বিজ্ঞাপনটোৰ ব্ৰেণ্ড এম্বেচাদৰ হ’বলৈ গৈ জনৰোষৰ সম্মুখীন হৈছে অভিনেতাজন। তেওঁ জনাইছে যে, আৰু এনে পান-মছলাজাতীয় পণ্যৰ বিজ্ঞাপন নকৰে। লগতে সেই কোম্পানীৰ পৰা বিজ্ঞাপনৰ বাবে পাৰিশ্রমিকৰ বাবদ যি টকা লৈছিল, সেয়াও কোনো সমাজ কল্যাণমূলক কামত দিয়াৰ সিদ্ধান্ত লৈছে। বুধবাৰে নিশা ছ’চিয়েল মিডিয়াত এটা পোষ্ট লিখি এই কথা জনালে অক্ষয়ে। তেওঁ লিখিছে যে হৃদয়ৰ পৰা তেওঁ দুঃখিত। অনুৰাগীৰ প্ৰতিক্ৰিয়াত তেওঁ অনুতপ্ত। নিজকে সকলো অনুৰাগী আৰু শুভাকাংক্ষীৰ আগত ক্ষমাপ্রার্থী বুলিও ক’লে। প্রসংগক্ৰমে উল্লেখণীয় যে, বহু দিন ধৰি এই বিজ্ঞাপনৰ ব্ৰেণ্ড এম্বেচাদৰ আছিল অভিনেতা অজয় দেবগণ। বিগত বছৰত অজয়ৰ সৈতে যোগ দিয়ে শ্বাহৰুখ খানে। এইবাৰ পান-মছলা কোম্পানীটোৰ বিজ্ঞাপনৰ মুখ হিচাপে নৱতম সংযোজন আছিল অক্ষয় কুমাৰ।