নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জে’লৰ পৰা ওলাবলৈ ৰাইজৰ দল গঠন অখিল গগৈৰঃ কমল কুমাৰ মেধি

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ  দল ত্যাগৰ পাছতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কমল কুমাৰ মেধি৷  সংবাদ মাধ্যমৰ সন্মুখত মেধিয়ে কয় যে ঘটনাক্রমেৰেহে ৰাইজৰ দল গঠন হৈছিল৷ কেৱল জে’লৰ পৰা ওলাবৰ কাৰণেহে হয়তো এটা ৰণকৌশল হিচাপেহে অখিল গগৈয়ে ৰাইজৰ দল গঠন কৰিছিল৷ সভাপতিগৰাকীয়ে বিভিন্ন সময়ত কৰা মন্তব্যই দলটোৰ নেতা–কর্মীসকলৰ ওপৰত নেতিবাচক প্রভাৱ পেলাইছে বুলি সদৰী কৰি মেধিয়ে কয়– ‘আমাৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে ক’বলগীয়া কথা বহুত আছে৷ গগৈয়ে প্রকাশ কৰি আহিছে যে তেওঁ আচলতে ঘটনাক্রমেৰেহে হেনো ৰাজনীতিলৈ আহিল৷ তেওঁ ৰাজনীতিলৈ আহি হেনো ভুল কৰিলে৷ যাৰ বাবে এতিয়া তেওঁ পুনৰ ৰাজপথৰ সংগ্রামলৈ উভতি যাব বিচাৰিছে৷ তেওঁ কৌশলগত কাৰণতো হয়তো এনে কথা ক’ব পাৰে৷ কিন্তু তেওঁৰ এই কথাই দলৰ নেতা–কর্মীসকলৰ মাজত এক নেতিবাচক প্রভাৱ পেলাইছে৷ দলৰ সভাপতিগৰাকীয়ে যিকোনো সময়ত ৰাজনীতি ত্যাগ কৰি ৰাজপথৰ সংগ্রামলৈ যাব বুলি ঘোষণা কৰিলে, আন নেতা–কর্মীসকলে কি কৰিব? নতুন মানুহ এই দলটোলৈ কি কাৰণে আহিব৷ য’ত সভাপতিয়ে ৰাজনীতি এৰি দিব বিচাৰে৷’ ইপিনে জে’লৰ পৰা মুকলি হৈ অহাৰ পাছত দলটো সঠিকভাৱে আগবঢ়াই নিয়াত তৎপৰতা দেখুওৱা পৰিলক্ষিত হোৱা নাই বুলিও মেধিয়ে প্রকাশ কৰিছে৷

You might also like