নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত আৰক্ষীৰ জালত তিনি চোৰাং চাউল সৰবৰাকাৰী

বিশেষ বাৰ্তা, নগাঁও, ২৩ এপ্ৰিলঃ নগাঁও আৰক্ষীৰ জালত পৰিল ভাৰতীয় খাদ্য নিগমৰ চাউলৰ চোৰাং সৰবৰাহকাৰী৷ নগাঁও বৰঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চাউলৰ চোৰাং সৰবৰাহকাৰী কেইজনৰ নাম হৈছে লাহৰিজানৰ মহেশ ৰয় (৪৭), উত্তৰ প্ৰদেশৰ সুৰেন্দ্ৰ যাদব (৩৯) আৰু ৰিংকু যাদব (২২)৷ আৰক্ষীয়ে জব্দ কৰিছে দুখনকৈ ট্ৰাক৷ ট্ৰাককেইখনৰ নম্বৰ হৈছে ইউ পি ৫৩ ই টি ৭২৫৭, ইউ পি ৫৩ বি টি ৮৩৫৭৷ জানিব পৰা মতে, দুয়োখন ট্ৰাকত এহেজাৰ বেগ ভাৰতীয় খাদ্য নিগমৰ চাউল চোৰাংভাবে কঢ়িয়াই অনা হৈছিল৷ পাঁচশ বেগকৈ চাউল দুয়োখন ট্ৰাকত বোজাই কৰি সৰবৰাহকাৰীয়ে মেঘালয়লৈ বুলি নগাঁৱৰ মাজেৰে শুকুৰবাৰে নিশা লৈ গৈ আছিল৷ ডিমাপুৰৰ পৰা চোৰাঙকৈ চাউলৰ বেগ অহা খবৰ আৰক্ষীয়ে পাই বৰঘাট পহৰা চকীত তালাচী চলাইছিল৷ এই তালাচীতে এহেজাৰ বেগ ভাৰতীয় খাদ্য নিগমৰ চাউলৰ চোৰাং ঘটনা পোহৰলৈ আহে৷

You might also like