নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছি ব্লক পি এইচ চিৰ কৰ্তব্যৰ জি এন এম নাৰ্চ জড়িতৰ সন্দেহঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা শিশু অপহৰণৰ লগত জড়িত থকাৰ সন্দেহত শুৱালকুছিত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান

বিশেষ বাৰ্তা, ২৬ এপ্ৰিলঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ শিশু ৱাৰ্ডৰ পৰা যোৱা ১৩ এপ্ৰিলৰ পুৱা ৪-৩০বজাত প্ৰিয়ম কলিতা নামৰ এটি সাত মহীয়া শিশু অপহৰণৰ লগত জড়িত থকাৰ সন্দেহত ক্ৰাইম ব্ৰাঞ্চে আজি দিনৰ প্ৰায় এক বজাত শুৱালকুছিত এক অভিযান চলায় ৷ জানিব পৰা মতে শিশুটিৰ পিতৃৰ সূত্ৰৰ এক পম খেদি অসম আৰক্ষীৰ ক্ৰাইম বাঞ্চৰ এটা দলে শুৱালকুছি ব্লক পি এইচ চিৰ কৰ্তব্যৰ জি এন এম নাৰ্চ বিভাৰাণী ঠাকুৰীয়া কোৱাৰ্টাৰত উপস্থিত হয় ৷ নাৰ্চ গৰাকী বৰ্তমান চেন্নাইত থকাত ক্ৰাইম বাঞ্চৰ লোকে বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে ৷ অভিযোগ উঠা মতে এইগৰাকী নাৰ্চে চুৰি হোৱা শিশুটিৰ লগত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ উল্লেখ যে নাৰ্চগৰাকীৰ ২৫ এপ্ৰিলৈকে ছুটী আছিল যদিও আজিও কৰ্তব্যত যোগদান কৰা নাই ৷ শুৱালকুছিত ইয়াক লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
প্ৰেৰক দিলীপ মেধি

You might also like