নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিলিণ্ডাৰ ক্ৰয় কৰোতে আপুনি এইকেইটা কথা মন কৰেনে?

A-21, A-25 আখৰ কেইটাই কি বুজাই জানেনে?

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰী

গেছ ভৰ্তি ছিলিণ্ডাৰ ক্ৰয় কৰোতে আপুনি মন কৰিলগীয়া কথাকেইটা…

 

  1. ছিলিণ্ডাৰৰ ৰিং ডালৰ তলত থকা A-21, A-25 আখৰ কেইটাই ছিলিণ্ডাৰটো উপযোগী হৈ থকাৰ ইংগিত দিয়ে।
  2. A-21-এ কি বুজাইছে আপুনি জানেনে? আপুনি ক্ৰয় কৰি অনা ছিলিণ্ডাৰটোত যদি A-21 লিখা আছে তেন্তে বুজিব যে ছিলিণ্ডাৰটোৰ ব্যৱহাৰ আপুনি ২০২১চনলৈ কৰিব পাৰিব।A-25 মানে আপুনি ২০২৫চনলৈ ব্যৱহাৰ কৰিব পাৰিব। তাৰ পাছত ছিলিণ্ডাৰটোৱে অঘটন বা বিস্ফোৰিত হ’ব পাৰে। তেনেধৰণে B-22, C-26, D-28 বুলি লিখা থাকিবও পাৰে।
  3. এতিয়া আহো এই A B C D আখৰ চাৰিটাই আচলতে কি বুজাইছে। এই আখৰ চাৰিটাই ইংৰাজী ১২মাহক একাদিক্ৰমে মাহকৈ ভগাই থোৱা হৈছে।
    A-জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ
    B-এপ্ৰিল, মে’, জুন
    C-জুলাই, আগষ্ট, ছেপ্টেম্বৰ
    D-অক্টোবৰ, নবেম্বৰ, ডিচেম্বৰ

আপুনি ছিলিণ্ডাৰ কিনিবলৈ যাওঁতে আপোনাৰ সুবিধাৰ্থে কোম্পানীসমূহে এনেধৰণে লিখি দিয়ে। আজিকালি সঘনে ছিলিণ্ডাৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হ’ব ধৰিছে। কিন্তু গ্ৰাহকসকল বেছি সাৱধান হ’লেহে সাম্ভৱ্য বিপদৰ পৰা নিজৰ লগতে আন দহজনক ৰক্ষা কৰিব পাৰিব। 

 

You might also like