কামৰূপৰ গন্ধমৌৰ বিষ্ণু মন্দিৰৰ প্ৰতিষ্ঠা দিৱসত মৃণালিনী দেৱীঃ ধৰ্মীয় পৰম্পৰা অক্ষুণ্ণ ৰাখি সমাজক গতিশীল কৰি তুলিবলৈ যুৱ প্ৰজন্মক আহ্বান
বিশেষ বাৰ্তা, ২৭ এপ্ৰিলঃ সময়ৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি সমাজ ব্যৱস্থাকো আগবঢ়াই নিব লাগিব ৷ এৰা ধৰাৰ মাজৰে সামাজিক সমস্যাবোৰ লাঘৱ কৰিব লাগিব ৷ সত্ৰ-নামঘৰ, মন্দিৰ আদি সকলো ধৰ্মীয় অনুষ্ঠানত ধৰ্মীয় ৰীতি-নীতি বজাই ৰাখি ধৰ্মীয় দিশতো আমি আগবাঢ়িব লাগিব ৷ মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ স্স্টিৰাজিক প্ৰজন্ম প্ৰজন্মই ধৰি ৰাখিব লাগিব ৷ ধৰ্মীয় পৰম্পৰা অক্ষুণ্ণ ৰাখি আজিৰ যুৱ প্ৰজন্মই সমাজখনক গতিশীল কৰি তুলিব লাগিব ৷ এই মন্তব্য অসম সাহিত্য সভাৰ উপ সভানেত্ৰী তথা বিশিষ্টা মহিলা মৃণালিনী দেৱীৰ ৷ আজি কামৰূপ জিলাৰ গন্ধমৌৰ দাস চুপা(বৰখেল)ৰ শ্ৰীশ্ৰীবিষ্ণু মন্দিৰৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা বসন্ত উৎসৱত উপস্থিত থাকি তেওঁ পুনৰ কয় যে আজি একাংশ যুৱ প্ৰজন্ম ধ্বংসৰ দিশত গতি কৰিছে ৷ মদ, দ্ৰাগছত আসক্ত হৈ কলিতে এটা সুন্দৰ জীৱন নাশ কৰি পেলাইছে ৷ যুৱ প্ৰজন্মৰ অকাল বিয়োগে দেশ ৰাজ্যৰ ব্যাপক ক্ষতি কৰিছে ৷ যুৱ প্ৰজন্মক এনে কাৰ্যৰ পৰা আতৰত থাকি এটা সুন্দৰ জীৱন অতিবাহিত কৰি দেশ ৰাজ্য ৰক্ষাত আত্মনিয়োগ কৰিবলৈ বিশিষ্টা মহিলা ম্ণালিনী দেবীয়ে আহ্বান জনায় ৷ ভাষণত তেওঁ কেইবাটিও ভাগৱতৰ শ্লোক মাতি তাৰ অৰ্থ বুজাই দি সমাজ ৰক্ষা কৰিবলৈ হলে ধৰ্মীয় দিশত সকলোৱে ব্ৰতী হব লাগিব বুলি দোহাৰে ৷ তেওঁ বিষ্ণু মন্দিৰৰ প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকিবলৈ পাই নিজকে গৌৰাৱাম্বিত হোৱা বুলিও কয় ৷ উদ্যোক্তা সকলক এনে পৰম্পৰা অক্ষুণ্ণ ৰাখিবলৈ তেওঁ আহ্বান জনায় ৷ অনুস্হানটোৰ সভাপতি প্ৰতাপ কাকতিয়ে সভাপতিত্ব কৰা উক্ত অনুস্হাত বিশিষ্টা মহিলা গৰাকীক জাপি আৰু ফুলাম গামোচাৰে উদ্যোক্তা সকলে আদৰণি জনায় ৷ সন্ধিয়া অনুস্হিত হয় আধুনিক ন্ত্য আৰু বিহু হুচৰি প্ৰতিযোগিতা ৷ অনুস্হানত অঞ্চলটোৰ কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷
প্ৰেৰক দিলীপ মেধি