নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰাচী বিস্ফোৰণৰ আত্মঘাতী মহিলাগৰাকী আছিল উচ্চ শিক্ষিতা

বিশেষ বাৰ্তা, ২৮ এপ্ৰিলঃ পাকিস্তানৰ কৰাচী বিশ্ববিদ্যালয়ৰ কনফুচিয়াছ চেণ্টাৰত আত্মঘাতী বিস্ফোৰণত তিনিগৰাকী চীনা শিক্ষক আৰু এজন পাকিস্তানী গাড়ীচালক নিহত হৈছিল। এই বিস্ফোৰণৰ ঘটনাত বেলুচিস্তানৰ বিদ্ৰোহী সংগঠন জড়িত হৈ আছিল। বেলুচ বিদ্ৰোহী সংগঠনে দাবী কৰা অনুসৰি এই বিস্ফোৰণত জড়িত হৈ আছে এগৰাকী মহিলা । মহিলাগৰাকীয়ে আত্মঘাতী বিস্ফোৰণ ঘটাইছিল। এই ঘটনাক লৈ এতিয়া বিশ্বজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ। মহিলাগৰাকীৰ স্বামীয়ে টুইটাৰত মৃত পত্নীক লৈ এইদৰে ৱিখিছে- তোমাৰ নিঃস্বাৰ্থ বলিদানে মোক নিৰ্বাক কৰি দিছে। সমান্তৰালভাৱে এনুভৱ কৰিছোঁ গৰ্ব। চাৰী বেলুচ নামৰ এই মহিলাগৰাকী আছিল উচ্চ শিক্ষিত। ৩০ বছৰীয়া মহিলাগৰাকীয়ে জীৱ বিদ্যাৰ উপৰি দৰ্শনতো স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। দুই সন্তানৰ মাতৃৰ মহিলাগৰাকী পেছাগতভাৱে আছিল এগৰাকী শিক্ষয়িত্ৰী।

You might also like