দুবছৰ বিৰতিৰ পিছত চীনলৈ ওভতাৰ অনুমতি লাভ কৰিলে ভাৰতীয় শিক্ষার্থীয়ে
নিয়মীয়া বাৰ্তা, ৩০ এপ্রিলঃ ক’ভিড মহামাৰীৰ বাবে দুবছৰ ধৰি ভাৰতীয় শিক্ষার্থীসকলক চীনত প্রৱেশত বাধা প্রদান কৰা হৈছিল৷ শেহতীয়াকৈ বেইজিং প্রশাসনে ভাৰতীয় শিক্ষার্থীসকলক ক’ভিডৰ যাৱতীয় নীতি পালন কৰি দেশখনলৈ ওভতাৰ অনুমতি প্রদান কৰিছে৷ স্মর্তব্য যে ক’ভিড–১৯ মহামাৰীৰ বাবে দুবছৰ পূর্বে চীন ত্যাগ কৰাৰ নির্দেশ দিয়া হৈছিল ভাৰতীয় শিক্ষার্থীসকলক৷ অকল ভাৰতীয়ই নহয়, অন্যান্য বহু দেশে নিজৰ শিক্ষার্থীসকলক চীনৰ পৰা ওভতাই নিছিল৷ কিন্তু শেহতীয়াকৈ বেইজিং প্রশাসনে দেশখনত নিজৰ নিজৰ পাঠ্যক্রম সম্পূর্ণ কৰিবলৈ ভাৰতীয় শিক্ষার্থীসকলক দেশখনত প্রৱেশৰ অনুমতি প্রদান কৰিছে৷ বেইজিংস্থিত ভাৰতীয় দূতাৱাসেও আজি এই কথা সদৰী কৰিছে৷ যোৱা ২২ মার্চত ভাৰতৰ বিদেশ মন্ত্রী এছ জয়শংকৰ আৰু চীনা বিদেশ মন্ত্রী ৱাং য়িৰ মাজত এই বিষয়টোক লৈ আলোচনা হৈছিল৷ আলোচনাত পৰিস্থিতি উন্নত হ’লে চীনে ভাৰতীয় শিক্ষার্থীসকলক দেশখনলৈ ওভতাৰ অনুমতি প্রদান কৰিব বুলি প্রতিশ্রুতি দিছিল৷ ইয়াৰ মাজতে অৱশ্যে চীনা নাগৰিক তথা শিক্ষার্থীৰ বিৰুদ্ধে ভাৰতেও কঠোৰ ব্যৱস্থা গ্রহণ কৰিছিল৷