আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱসত স্বৰ্ণ শিল্পী উৎপল বনিয়াৰ শ্ৰমিকক উপহাৰ প্ৰদান
নিয়মীয়া বাৰ্তা, ১ মে : স্বৰ্ণ শিল্পী উৎপল বনিয়াৰ এক ব্যক্তিক্ৰমী পদক্ষেপ। ৰাজ্যৰ খ্যাতি সম্পন্ন শিল্পী তথা অজাপ নেতা উৎপল বনিয়াই আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱসটি ৰহাত শ্ৰমিক সকলক লগত উৎযাপন কৰে। বিগত বৰ্ষৰ সমূহৰ দৰে এইবাৰো উৎপল বনিয়াই ৰহা অঞ্চলৰ শ্ৰমিক সকলক লগ কৰি তেওঁলেকৰ বিভিন্ন অভাৱ অভিযোগ আৰু পৰিস্থিতিৰ বুজ লোৱাৰ লগতে শ্ৰমিক সকলক সন্মান স্বৰূপে একোখনকৈ বিহুৱান, ৰ’দ-বৰষুণৰ পৰা ৰক্ষা পাবলৈ এটাকৈ ছাতি আগবঢ়োৱাৰ লগতে আতিথ্য প্ৰদান কৰে । তেওঁ শ্ৰমিক সকলক সহায়ৰ হাত আগবঢ়োৱাৰ পাছত সাংবাদিকৰ লগত হোৱা এক সাক্ষাৎকাৰত কয় যে – মই নিজে এজন সোনাৰী শিল্পৰ লগত জড়িত যুৱক, শ্ৰমিক সকলৰ দুখ-দুৰ্দশাৰ কথা মই হাড়ে হিমজুৰে বুজি পাওঁ। তেওঁ লগতে কয়-অতীজৰে পৰা বৰ্তমানলৈকে বিভিন্ন ক্ষেত্ৰত শ্ৰমিক সকল নিজৰ ন্যায্য-প্ৰাপ্তিৰ পৰা বঞ্চিতই হৈ আহিছে। এই ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰে কিছু গুৰুত্ব দিয়া উচিত। তেওঁ সকলো সচেতন লোকক শ্ৰমৰ প্ৰাপ্তি আৰু শ্ৰমিক সকলৰ কল্যাণৰ হকে একেলগে থিয় দিবলৈ আহ্বান জনায়।
প্ৰেৰকঃ কনক হাজৰিকা নগাঁও