নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াৰ বালিসত্ৰত সুৰাৰ বিপণী বন্ধ কৰাৰ দাবী, বিনষ্ট সামাজিক পৰিৱেশঃ মহকুমাধিপতিক আছুসহ ৫ সংগঠনৰ স্মাৰক-পত্ৰ প্ৰদান

নিয়মীয়া বাৰ্তা, ৰঙিয়া, ৪ এপ্ৰিল: ৰঙিয়া মহকুমাৰ অন্তৰ্গত কৰ্তাখাট-বালিসত্ৰ সংযোগি পথৰ দাঁতিত কেইমাহমান পূৰ্বে বনফুল নামৰ সুৰাৰ বিপণী স্থাপন কৰাৰ প্ৰতিক্ৰিয়া বৰ্তমানেও অৱ্যাহত আছে ।অঞ্চলটোৰ উচ্চ শিক্ষানুষ্ঠান উত্তৰ কামৰূপ আদৰ্শ মহাবিদ্যালয়, বালিসত্ৰ আঞ্চলিক ছাত্র সন্থাৰ লগতে স্থানীয় ৰাইজৰ অভিযোগক নেওচি উক্ত সুৰাৰ বিপণীখন বিভাগীয়ভাৱে অনুমতি পত্ৰ প্ৰদান কৰাত অঞ্চলটোৰ সামাজিক পৰিবেশ বিনষ্ট হোৱা বুলি অভিযোগ উত্থাপন হৈছে । উক্ত সুৰাৰ বিপণীখন বন্ধ কৰাৰ দাবীত আজি বালিসত্ৰ ছাত্র সন্থাৰ লগতে পাঁচটাকৈ সংগঠনে মহকুমাধিপতি আৰু আবকাৰী বিভাগৰ ৰঙিয়াৰ উপ অধীক্ষকৰ জৰিয়তে জিলা অধীক্ষকলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে । স্মাৰক পত্ৰত উল্লিখিত অভিযোগ‌ অনুসৰি একাংশ সুৰামত্ত লোকে মুকলিভাৱে মদ্যপান কৰি অহাত পথটোৰে অহা-যোৱা কৰা ছাত্র-ছাত্ৰীৰ লগতে সৰ্বসাধাৰণ ৰাইজে নিৰাপত্তাহীনতাত ভুগি আহিছে ।আনকি একাংশ সুৰাপায়ীৰ অভব্য আৰু অশ্লীল আচৰণত ছাত্ৰী সকল আতংকিত হৈ আহিছে । ইফালে সুৰাৰ ভগা বটল কৃষিপথাৰত পেলাই অহাত কৃষক সকল বিপদত পৰিছে । অঞ্চলটোত উৎসৱ অথবা সামাজিক অনুষ্ঠানৰ গইনা লৈ আৰক্ষীক মেনেজ কৰি ওৰেটো নিশা সুৰা বিক্ৰী কৰি অহাৰো অভিযোগ উথ্বাপন হৈ আহিছে । এনে এক প্ৰেক্ষাপটত বালিসত্ৰ ছাত্র সন্থাৰ সভাপতি ভাৰ্গৱ কুমাৰ আৰু সাধাৰণ সম্পাদক হিৰকজ্যোতি কলিতাৰ নেতৃত্বত যোৱা সঁজাতি দলটোৰ হৈ উত্তৰ কামৰূপ আদৰ্শ কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ভুৱনেশ্বৰ লহকৰ ,বালিসত্ৰ সৎসঙ্গী সত্ৰৰ সত্ৰাধিকাৰ ৰবীন্দ্ৰনাথ গোস্বামী,বালিসত্ৰ গোপীনাথ বৰদলৈ সংঘৰ সভাপতি -সম্পাদক ক্ৰমে ৰমেশ মোহন বৈশ্য,কৈলাশ কলিতা,বালিসত্ৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি আৰু সম্পাদক ক্ৰমে ননীৰাম কুমাৰ আৰু অচ্যুতানন্দ কলিতাৰ লগতে ছাত্ৰ নেতা হেমন্ত দাস প্ৰমূখ্যে আন কেবাগৰাকী সমাজ সচেতন ব্যাক্তিয়ে মহকুমাধিপতি গৰাকীক সাক্ষাৎ কৰি শীঘ্ৰে উক্ত দাবীৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায় ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like