পুটিনৰ প্ৰেমত পৰি বিপদত এলিনা
বিশেষ বাৰ্তা, ৭ মেঃ ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ প্ৰেয়সী বুলি চৰ্চিত এলিনা কাবায়েভাৰ নামো সোমাল ইউৰোপীয় সংঘই নিষিদ্ধ ঘোষণা কৰিবলগীয়া মানুহৰ তালিকাখনত। ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই চলোৱা অভিযানৰ পাছত আমেৰিকা, ইউৰোপে দেশখনৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবন্ধকতা জাৰি কৰিছে। শেহতীয়াকৈ প্ৰকাশিত খবৰ অনুসৰি, পুটিনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা যিসকল লোকৰ বিৰুদ্ধে ইউৰোপীয় ইউনিয়নে নিষেধাজ্ঞা জাৰি কৰিবলৈ ওলাইছে তেওঁলোকৰ ভিতৰত আছে অলিম্পিক পদক জয়ী জিমনাষ্ট এলিনাও। ১৯৮৩ চনত জন্ম হোৱা এলিনাই দশক আগৰ পৰাই পুটিনৰ সৈতে ঘনিষ্ঠ বুলি বিভিন্ন সূত্ৰই সদৰি কৰি আহিছে। কিন্তু বিবাহ বিচ্ছেদিত পুটিনে এয়া ভিত্তিহীন কথা বুলি আগতে কেবাবাৰো অস্বীকাৰ কৰিছে।