নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভাইৰাছঃ চীনৰ পৰা অহা দুই ভাৰতীয় আক্ৰান্ত

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ চীনত সংহাৰী ৰূপ ধাৰণ কৰাৰ পাছত ঘাতক ক’ৰোনা ভাইৰাছ ভাৰতত প্ৰৱেশ কৰিলেহি । চীনৰ পৰা অহা যাত্ৰীসকলক ৰাজধানী দিল্লী, মুম্বাইত বিশেষ নিৰীক্ষণেৰে সতৰ্কমূলক ব্যৱস্থা গ্রহণ কৰাৰ পাছত মুম্বাইত দুজন চীনৰ পৰা অহা ভাৰতীয় নাগৰিকৰ দেহত ক’ৰোনা ভাইৰাছৰ স্থিতি ধৰা পেলায় ৷ ঘাতক ভাইৰাছটোত আক্রান্ত লোক দুজনক ইতিমধ্যে মুম্বাইৰ চিকিৎসালয়ত বিশেষ কোঠা স্থাপন কৰি নিৰীক্ষণত ৰখা হৈছে ৷ বৃহান মুম্বাই মিউনিচিপাল কর্প’ৰেচন (বি এম চি) কর্তৃপক্ষই প্রকাশ কৰা মতে চহৰখনৰ চিঞ্চপোকালিস্থিত কস্তুৰবা হাস্পতালত বিশেষ কোঠাত চীনৰ পৰা অহা ভাৰতীয় লোক দুজনক চিকিৎসকে সুক্ষ্ম নিৰীক্ষণত ৰাখিছে ৷ বি এম চিৰ কার্যকাৰী স্বাস্থ্য বিষয়া ড০ পদ্মজা কেস্কাৰে প্রকাশ কৰা মতে, চিকিৎসালয়খনৰ বিশেষ কোঠাত সন্দেহযুক্ত ক’ৰোনা ভাইৰাছত আক্রান্ত লোক দুজনক ৰখা হৈছে৷ এই ঘটনাটোৰ পাছতে চীনৰ পৰা অহা বিমানৰ যাত্রীসকলক মুম্বাই আন্তর্জাতিক বিমানবন্দৰ কর্তৃপক্ষক উক্ত চিকিৎসালয়লৈ প্রেৰণ কৰিবলৈ নির্দেশ দিছে৷ চহৰখনৰ সকলো ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসককো সতর্ক হৈ থাকিবলৈ সকীয়নি দি চীনৰ পৰা অহা বিমানযাত্রীৰ ক্ষেত্রত সন্দেহজনক বেমাৰৰ লক্ষণ দেখিলেই ততালিকে কস্তুৰবা চিকিৎসালয়লৈ প্রেৰণৰ নির্দেশ দিয়া হৈছে৷ চীনৰ হুবেই প্রদেশৰ ৰাজধানী ৱুহান চহৰত প্রথমতে ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পেলোৱাৰ পাছত দেশখনৰ ভিন্ন প্রান্তলৈ বিয়পি পৰিছে৷ ক’ৰোনা ভাইৰাছৰ সৈতে যুঁজিবলৈ কিম্বা প্রতিৰোধ কৰিবলৈ দেশখনৰ প্রশাসনে ইতিমধ্যে ১৩খন চহৰ সম্পূর্ণ বন্ধ কৰি দিছে৷ তথ্য মতে এই চহৰকেইখনৰ পৰা বহিঃসংযোগ সম্পূর্ণৰূপে বন্ধ কৰি দিয়া হৈছে৷ গ্রেট ৱালৰ সমীপৰ অঞ্চলৰ সৈতেও দেশৰ আন প্রান্তৰ যাতায়াত–যোগাযোগ বিচ্ছিন্ন কৰি ৰখা হৈছে৷ ১৩খন চহৰৰ প্রায় ৪১ নিযুত লোকৰ বহিঃঞ্চলৰ সৈতে যাতায়াত সংৰক্ষিত কৰা হৈছে৷ বাছ, ৰে’লসেৱা সম্পূর্ণৰূপে বন্ধ কৰা হৈছে৷ আনকি নাৱেৰে উক্ত অঞ্চলত প্রৱেশ কৰা লোকসকলকো বাৰণ কৰা হৈছে৷ লক্ষণীয় যে নতুন বর্ষৰ আৰম্ভণিতে ক’ৰোনা ভাইৰাছত আক্রান্ত লোক চিনাক্ত হোৱাৰ পাছতে এই ভাইৰাছটোৱে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ চৰকাৰী তথ্য মতে, এতিয়ালৈকে চীনৰ ২৬জন লোকৰ প্রাণহানি হোৱাৰ বিপৰীতে ৮৩০জন লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে৷ দেশখনৰ প্রশাসনৰ লগতে বিশ্ব স্বাস্থ্য সংস্থায়ো এই ভাইৰাছটো নিয়ন্ত্রণৰ বাবে সকলো দেশক বিশেষকৈ এছিয়া মহাদেশৰ দেশসমূহক সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰাৰ পৰামর্শ দিছে৷ ইপিনে চীনত ক’ৰোনা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ প্রতি লক্ষ্য ৰাখি বেইজিংস্থিত ভাৰতীয় দূতাবাসত সমাগত ৭১সংখ্যক গণৰাজ্য দিৱসৰ কার্যসূচী বাতিল কৰা হৈছে৷ বেইজিঙৰ দূতাবাসৰ পৰা প্রকাশিত বিবৃতি অনুসৰি দেশখনত ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি চীনৰ চৰকাৰে ৰাজহুৱা সমাগম আৰু কার্যসূচী বাতিল কৰিবলৈ দিয়া নির্দেশৰ পৰিপ্রেক্ষিততে বেইজিংস্থিত ভাৰতীয় দূতাবাসে এই কার্যসূচী গ্রহণ কৰিছে ৷

You might also like