নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াৰ তিনিআলি ৰেল ক্ৰছিঙত উৰণীয়া সেতু নিৰ্মাণৰ দাবীত ডিআৰ‌এমক স্মাৰক-পত্ৰ প্ৰদান

নিয়মীয়া বাৰ্তা, ১০ মে’:-ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ তিনিআলিস্থিত ৰেল গেটৰ বাবে নিতৌ তীব্ৰ যান-জঁটৰ সৃষ্টি হয় । এই পথটোৰে ৰঙিয়াৰ লগতে তামুলপুৰ আৰু চুবুৰীয়া ৰাষ্ট্ৰ ভুটানৰো বহু লোকে অহা-যোৱা কৰে । কিন্তু ৰেল চলাচলৰ সময়ত গেটটো বন্ধ হোৱাৰ পিছত তীব্ৰ যান-জঁটৰ বাবে ৰাইজে দুৰ্ভোগ ভুগিব লগা হয় । বিশেষকৈ ছাত্র-ছাত্রীৰ সাধাৰণ জনতাই যান-জঁটৰ বাবে সময়মতে গন্তব্য স্থানলৈ গৈ নাপায় । অতি ব্যস্ত এই ঘাইপথটোৰ ৰেল গেটৰ ওপৰত এখন উৰণীয়া সেতু নিৰ্মাণ কৰাৰ দাবীৰ বাবে ইতিমধ্যে উৰণীয়া সেতু নিৰ্মাণ দাবী সমিতিও গঠন কৰা হৈছে । উক্ত ৰেল’ৱে লেভেল ক্ৰছিঙত (আৰ এম গেট নং 2) উৰণীয়া সেতু নিৰ্মাণৰ দাবীত আজি ৰঙিয়া মাণ্ডলিক ৰেলৱে প্ৰবন্ধকক উৰণীয়া সেতু নিৰ্মাণ দাবী সমিতিয়ে এখন স্মাৰক-পত্ৰ প্ৰদান কৰে । উক্ত সমিতিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক অনন্ত ডেকা আৰু সাধাৰণ সম্পাদক তৌফিকুৰ ৰহমানৰ নেতৃত্বত যোৱা দলটোক ডিআৰএমে উৰণীয়া সেঁতুখন নিৰ্মাণৰ বাবে ৰেল বিভাগৰ ফালৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ বিভাগক সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে । লগতে এই ক্ষেত্ৰত ৰেল বিভাগে পঞ্চাশ শতাংশ খৰছ বহন কৰিব বুলি দাবী সমিতিক অৱগত কৰে ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like