হোজাইৰ শতাধিক গাঁও জলমগ্ন : খোৱাপানীৰ হাহাকাৰ: অভিভাৱক মন্ত্ৰীৰ ক্ষেত্ৰ পৰিদৰ্শন : উদ্ধাৰ অভিযানত সেনাবাহিনী নিয়োগৰ সিদ্ধান্ত
নিয়মীয়া বার্তা, ১৭ মে: যোৱা নিশাৰে পৰা হোজাইৰ তিনিটা ৰাজহ চক্ৰত হঠাৎ বান পৰিস্থিতি জটিল হৈ পৰিছে । কালি হোজাই জিলাৰ ৬৫ খন ৰাজহ গাঁও বানত আক্রান্ত হৈছিল যদিও নিশাৰ ভিতৰতে আশী খনৰো অধিক গাঁও বানত আক্রান্ত হৈছে । এতিয়াও প্ৰায় দুই শতাধিক লোক জলবন্দী হৈ থকাৰ তথ্য পোহৰলৈ আহিছে । সীমিত সংখ্যক উদ্ধাৰকৰি দলে প্ৰবল সোঁতৰ বাবে বহু ঠাইত উদ্ধাৰ অভিযান চলাব পৰা নাই । ভয়াবহ এই বান পৰিস্থিতিৰ বাবে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত হোজাইৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্যই হোজাইৰ বিধায়ক ৰামকৃষ ঘোষ, জিলা উপায়ুক্ত অনুপম চৌধুৰী আৰু বিজেপিৰ কৰ্মকতা সকলক লৈ বানাক্ৰান্ত সকলৰ খা খবৰ লৈ উদ্ধাৰ আৰু বান সাহায্যৰ সন্দৰ্ভত প্ৰশাসনৰ লগত আলোচনাত মিলিত হয় । এই আলোচনাৰ পিছত সেনাবাহিনীৰ উচ্চ পদস্থ বিষয়াৰ লগত আন এখন বৈঠক অনুষ্ঠিত হয় । বৈঠকত সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে সেনা বাহিনীৰ সহায় বিচৰাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে । শীঘ্ৰে উদ্ধাৰ অভিযানত সেনাবাহিনী নামি পৰিব আৰু প্ৰয়োজনত বায়ু সেনা নিউজ কৰা হব বুলি অভিভাৱক মন্ত্ৰী জনে প্ৰকাশ কৰে । ইফালে জিলা প্ৰশাসনে স্থাপন কৰা আশ্ৰয় শিবিৰ নাটনি হোৱাত হোজাই চহৰৰ বহু কেইখন বিদ্যালয়ত শিবিৰ স্থাপনৰ ব্যৱস্থা কৰিছে । হোজাইৰ বহু ঠাইৰ বানাক্ৰান্ত সকলে এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে। হোজাইৰ বান পৰিস্থিতি ইমানেই ভয়াবহ হৈ পৰিছে যে ঠায়ে ঠায়ে মথাউৰী, পথ আদি ছিঙি যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰাত প্ৰয়োজনীয় খাদ্য সামগ্ৰী যোগানত প্ৰশাসন ব্যৰ্থ হৈছে । ইফালে জিলা খনৰ ন ন বিদ্যালয় পানীত ডুব যোৱাৰ লগতে যমুনামুখ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, চিকিৎসক গৃহ, দৰব বিতৰণ কেন্দ্ৰ আদিও পানীত ডুব গৈছে ।
প্ৰেৰক কিশলয় ডি গোস্বামী