বক্সিং ৰিঙতে মৃত্যুক সাবটিলে তুৰস্কৰ বক্সাৰে
নিয়মীয়া বাৰ্তা,২০ মে’: বক্সিং খেলি থাকোঁতেই মৃত্যুমুখত পৰিল তুৰস্কৰ মুছা য়ামাক নামৰ এগৰাকী তাৰকা বক্সাৰ৷ বক্সাৰগৰাকী হূদৰোগত আক্রান্ত হৈ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ প্রতিপক্ষ হামজা ৱানডেৰাৰ বিপক্ষে খেলা মেচখনৰ সময়তে তেওঁ বাগৰি পৰে৷ জার্মানীৰ মিউনিখ চহৰত এই মর্মান্তিক ঘটনাৰ বলি হোৱা বক্সাৰগৰাকীৰ বয়স হৈছিল মাত্র ৩৮ বছৰ৷ পেছাদাৰ বক্সাৰগৰাকীয়ে এইপর্যন্ত এখন মেচতো পৰাজয়ৰ সন্মুখীন হোৱা নাছিল৷ ৮খন মেচত বিজয়ী হোৱাৰ পিছত ৯খন মেচত তেওঁ ৰিঙতে মৃত্যুক সাবটি ল’বলগীয়া হয়৷
জানিব পৰা মতে, মেচখনৰ তৃতীয় ৰাউণ্ড আৰম্ভ হোৱাৰ কিছু সময়ৰ ভিতৰতে ৰিঙৰ মাজত বাগৰি পৰে মুছা৷ দ্বিতীয় ৰাউণ্ডৰ শেষৰ ফালে প্রতিপক্ষৰ এটি প্রচণ্ড ঘোচাত পর্যুদস্ত হৈ পৰে তেওঁ৷ কিন্তু তেনেকৈয়ে তৃতীয় ৰাউণ্ডত নামে যদিও বেছি সময় খেলিব নোৱাৰিলে৷ লগে লগে তেওঁক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে৷ উল্লেখ্য যে এই বছৰৰ জানুৱাৰীত এগৰাকী ৰাছিয়ান বক্সাৰৰ এক অনুৰূপ ধৰণে মৃত্যু হৈছিল৷ ৰিঙত আহত হৈ ক’মাত যোৱাৰ পিছত ১০ দিন মৃত্যুৰ সৈতে যুঁজি থকাৰ পিছত ইহলীলা সম্বৰণ কৰে৷ যোৱা বছৰো যুৱ বিশ্বকাপ চলি থকা সময়তে এগৰাকী বক্সাৰৰ মৃত্যু হৈছিল৷