নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত পালেহি ক’ৰোনা ভাইৰাছ ! এই পৰ্যন্ত আক্রান্ত ৭ ভাৰতীয়

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ  চীনত ভয়ংকৰ ৰূপ ধাৰণ কৰা ক’ৰোনা ভাইৰাছৰ সংক্রমণ বিশ্বৰ বিভিন্ন দেশলৈ সংক্রমিত হৈছে৷ দেশখনৰ পৰা অহা সাতজন ভাৰতীয়ৰ শৰীৰত এই ক’ৰোনা ভাইৰাছৰ বীজাণুৰ উপস্থিতি ধৰা পৰিছে৷ তেওঁলোকক ততালিকে পর্যবেক্ষণত ৰখাৰ ব্যৱস্থা কৰিছে চিকিৎসকে৷

কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হর্ষবর্ধনে এই বিষয়ে জানিবলৈ দি দেশৰ সাতটাকৈ গুৰুত্বপূর্ণ বিমানবন্দৰ নতুন দিল্লী, কলকাতা, মুম্বাই, চেন্নাই, বাংগালুৰু, হায়দৰাবাদ আৰু কোচিত যাত্রীৰ থার্মেল স্ক্রীনিং কৰাৰ ব্যৱস্থা কৰিবলৈ নির্দেশ জাৰি কৰিছে৷

উল্লেখ্য যে চীনৰ পৰা শ শ আতংকিত ভাৰতীয় ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ ভয়ত উভতি আহিছে৷

ইফালে চীনত ভয়াৱহ ৰূপ ধাৰণ কৰা ক’ৰোনা ভাইৰাছৰ সংক্রমণত এতিয়ালৈকে কমেও ৪১জন লোকে প্রাণ হেৰুৱাইছে৷ আনহাতে হংকঙত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে৷

You might also like