কাঁ–ত বিলাস ভ্রমণ
চিনেমাৰ পৃথিৱীখনত কাঁ চলচ্চিত্র মহোৎসৱক আটাইতকৈ সন্মানীয় বুলি গণ্য কৰা হয়৷ এই মহোৎসৱত দুখনকৈ অসমীয়া ছবি অন্তর্ভুক্ত হৈছে আৰু অসমীয়া চিত্রনির্মাতা–চৰকাৰ্ বিষয়াই তাত ভিৰ কৰিছে, এইটো স্বাভাৱিকতেই আনন্দৰ কথা৷ কিন্তু বিভিন্ন মাধ্যমত এই সংবাদবোৰ আধাডুখৰীয়াভাৱে প্রচাৰ হয় আৰু সঠিক খবৰটিৰ পৰা ৰাইজ বঞ্চিত হয় আৰু অসমৰ গৌৰৱৰ প্রতি সচেতন ৰাইজ ভুল পথেৰে পৰিচালিত হয়৷ এই কামত যদি চৰকাৰী বিষয়া আৰু চৰকাৰৰ সহযোগ ৰহস্যজনকভাৱে সন্দেহজনক হয়, তেনেহ’লে সেই কথাটো সকলোৰে বাবে দুখজনক হৈ উঠে আৰু ভৱিষ্যতৰ বাবে এটা বেয়া উদাহৰণ নির্মাণ হয়৷ কৰদাতা ৰাইজৰ ধন ব্যৱহাৰ কৰি চৰকাৰে কাঁ ফেষ্টিভেললৈ পঠিওৱাসকলৰ নাম ৰাজহুৱা নকৰাটোৱেই কথাটো অধিক ৰহস্যময় কৰি তোলে৷ এটা কথা স্পষ্ট কৰা ভাল যে কাঁ চলচ্চিত্র মহোৎসৱৰ মূল প্রতিযোগিতাত অসমীয়া ছবিয়ে স্থান পোৱা নাই৷ মহোৎসৱৰ সময়ত আয়োজিত এখন ফিল্ম বজাৰত ভাৰত চৰকাৰে এটা ষ্টল দিছে আৰু তাতে ছবিবোৰৰ প্রচাৰ কৰা হৈছে৷ এখন ছবি গৈছে এন এফ ডি চিৰ পৰা আৰু আনখন কেন্দ্রীয় চৰকাৰৰ চলচ্চিত্র মহোৎসৱ সঞ্চালকালয়ৰ পৰা৷ এই খবৰটোও আনন্দদায়ক, যদি ছবি দুখনে ব্যৱসায়ৰ ক্ষেত্রত কিবা সুবিধা লাভ কৰিব পাৰে, সেয়া অধিক আনন্দৰ খবৰ হ’ব৷ হয়তো এদিন অসমীয়া ছবিয়ে কাঁ চলচ্চিত্র মহোৎসৱত অন্তর্ভুক্ত হোৱাৰ সৌভাগ্য অর্জন কৰিব৷ সমগ্র উত্তৰ–পূব ভাৰতৰ পৰা এতিয়ালৈকে মাত্র এখন ছবিয়েই কাঁ মহোৎসৱত অংশগ্রহণ কৰাৰ সৌভাগ্য অর্জন কৰিছিল, ছবিখন হ’ল অৰিবাম শ্যাম শর্মাৰ ‘ঈশ্বানু’৷
চৰকাৰী বিষয়াই মন্ত্রীক ভুল তথ্য দি বিলাস ভ্রমণৰ সুবিধা লোৱাৰ কূটবুদ্ধিপূর্ণ কামটি বহুদিনৰ পৰাই চলি আহিছে বুলি শুনা যায়৷ এইবাৰ অসম চৰকাৰে কাঁলৈ পঠিওৱা দলটিকো বিলাস ভ্রমণত পঠিওৱা যেনেই অনুমান হয়৷ চিনেমাৰ প্রচাৰ আদিৰ কথা চাবলৈ, বিশেষকৈ ভাৰত চৰকাৰৰ অভিজ্ঞ দলটোৰ সংগত থাকি এই কথাবোৰ চাবলৈ যোৱাটো আপত্তিজনক কথা নহয়, যদিহে চৰকাৰৰ হাতত তেনেদৰে প্রচাৰ কৰিব পৰা সম্পত্তি থাকে৷ দুগৰাকী চিত্র পৰিচালকে দুখ–কষ্টৰ মাজেৰে নির্মাণ কৰা ছবি দুখনে নিজৰ যোগ্যতাত উপযুক্ত তত্ত্বাৱধায়কৰ হাতেৰে কাঁ পাইছেগৈ, বাকীখিনি তেওঁলোকেই কৰিব৷ চৰকাৰে প্রযোজক–পৰিচালক ভ্রমণৰ খৰচ পূৰাব পৰাকৈ অর্থসাহায্য দিছে, ভাল কথা৷ কিন্তু প্রশ্ণ হয়, ইয়াত অসম চৰকাৰৰ বিষয়াকেইগৰাকীৰ কাম কি? অসম চৰকাৰৰ বিত্ত আৰু উন্নয়ন নিগমে প্রযোজনা কৰা ছবিৰ প্রচাৰ কৰিবলৈ তেওঁলোক কাঁলৈ যোৱা নাই৷ যিকেইখন ছবিৰ সকলো দায়িত্ব আন দুটা সংগঠনৰ হাতত আছে, তাত অসম চৰকাৰৰ বিষয়াকেইজনৰ কি কাম? আজি বহু বছৰ ধৰি অসম চৰকাৰৰ চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমৰ পৰা একো কাম হোৱা দেখা নাই৷ অসমীয়া ছবিৰ পুৰস্কাৰ দিয়া কামটো নিগমে লৈছিল, এবাৰ ভেঁকো–ভাওনা কৰি তাৰ পিছত সেই অধ্যায় সামৰিলে৷ এবাৰ এগৰাকী অভিনেতাৰ নামত উৎসৱ পাতিলে, কিতাপ উলিয়ালে, তাতেই শেষ৷ সামাজিক মাধ্যমত প্রধানমন্ত্রী আৰু বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ থকা এজনক কাম দি তেওঁৰ মুখ বন্ধ কৰিলে– সিমানেই৷ নিগমৰ দায়িত্বত থকা বিষয়াগৰাকীয়ে যেতিয়া অসমীয়া চিনেমাৰ উন্নতিৰ বাবে ইমানদিনে একো কৰিব নোৱাৰিলে, তেওঁ এদিন কাঁ মহোৎসৱ চাই কি কৰিব, সহজেই অনুমান কৰিব পাৰি৷ দুদিন পিছত তেওঁৰ প্রমোচন হ’ব, তেওঁ বেলেগ বিভাগলৈ গুচি যাব– তেওঁৰ কাঁ ভ্রমণ ব্যক্তিগত বিলাসতেই সীমাবদ্ধ হৈ ৰৈ যাব৷ এটা সময়ত জ্যোতি চিত্রবন আৰু ভূপেন হাজৰিকা ফিল্ম ইনষ্টিটিউটৰ বিষয়া, ছাত্র–ছাত্রীসকলে কলকাতা আৰু গোৱাৰ ফিল্ম ফেষ্টিভেল চাবলৈ দলে–বলে গৈছিল৷ সেই ভ্রমণ বিষয়াসকলৰো কামত আহিছিল, সেই অভিজ্ঞতা তেওঁলোকে কামত লগাইছিল গুৱাহাটীত অনুষ্ঠিত হোৱা আন্তর্জাতিক চলচ্চিত্র মহোৎসৱবোৰৰ আয়োজনত৷ সু–প্রশাসনৰ কথা চলি থকা সময়ত বিষয়াৰ এনে বিলাস–ভ্রমণৰ খবৰ চৰকাৰখনৰ বাবে সুখপ্রদ অভিজ্ঞতা নিশ্চয় নহয়৷ সেইবাবেই চৰকাৰৰ খৰচত কাঁ উৎসৱ চাই অহা বিষয়াসকলে ঘূৰি আহি অসমৰ চিনেমাৰ উন্নতিৰ বাবে কি কাম হাতত লয়, সেই কথা নিশ্চয় বিভাগীয় মন্ত্রীয়ে মনোযোগেৰে লক্ষ্য কৰিব৷